নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মুখ্যমন্ত্ৰী : মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

লাখপতি বাইদেউসকলে তিনিটাতকৈ অধিক সন্তান জন্ম নিদিব। নগাঁও জিলাত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতি বিশেষ মনোযোগ দিয়া হ’ব

নগাঁৱৰ নেহৰুবালিত আজি অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই অনুষ্ঠানত ২৬,৫৮৫গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে।

চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়— অসমক অনুসৰণ কৰি ভাৰতৰ বহু অৰ্থনৈতিকভাৱে সবল ৰাজ্যই অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ কৰিছে। আজি আমাৰ আঁচনিসমূহে ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলো স্তৰ স্পৰ্শ কৰিছে। কলেজত যোৱা স্কুটীধাৰী ছোৱালীবোৰেই এই আঁচনিসমূহৰ সফলতাৰ প্ৰমাণ। এচাম লোকে আমাৰ আঁচনিক সমালোচনা কৰে, কিন্তু তেওঁলোকে তাৰ বিকল্প কি তাত বুজি নাপায়। আমি চাইকেল নিদিলে দুখীয়া ছাত্ৰীয়ে খোজ কাঢ়িব লাগিব, অৰুণোদয় নিদিলে দুখীয়া মহিলাই আনৰ ওচৰত হাত পাতিব লাগিব।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়— “আমাৰ পদক্ষেপসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে বুজাবলৈ তেওঁলোকৰ বিষয়াসকলক অনুৰোধ জনাইছিল। মই নিজেই ভিডিঅ’ কনফাৰেন্সত তেওঁলোকক বুজাইছিলোঁ। কংগ্ৰেছে যদিও সমালোচনা কৰে, তথাপি কৰ্ণাটকত কংগ্ৰেছে আমাৰ অৰুণোদয় আঁচনি ৰূপায়ণ কৰিছে। অসমত বৰ্তমান ২১ হাজাৰ কোটি টকা ঋণ মহিলাই লৈছে, যাৰ ৯৯% ঋণ ইতিমধ্যে ঘূৰাই দিছে।”

লাখপতি বাইদেউৰ প্ৰতি মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান— “লাখপতি বাইদেউসকলে তিনিটাতকৈ অধিক সন্তান জন্ম নিদিব। নগাঁও জিলাত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতি বিশেষ মনোযোগ দিয়া হ’ব। নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছোঁ। আমাৰ লক্ষ্য— মহিলাসকলে ঘৰ চলাবলৈ কষ্ট নকৰে।”

কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ তীক্ষ্ণ সমালোচনা— “কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়। কংগ্ৰেছৰ মানুহক সৰুতে মাকে মিঠাতেল দি মালিছ কৰা নাছিল, কাৰণ মাকে জানিছিল— তেওঁলোক ডাক্তৰ-ইঞ্জিনীয়াৰ নহয়, কংগ্ৰেছহে হ’ব। কংগ্ৰেছৰ সময়ত ঘোচ নিদিলে চাকৰি নাপাইছিল। এতিয়া ৰিক্সাৱালা, ঠেলাৱালাৰ সন্তানেও চাকৰি পাব পাৰিছে। ফেব্ৰুৱাৰীত আমি আৰু ডাঙৰ উপহাৰ দিম, এতিয়া নকওঁ। কংগ্ৰেছে যিমান দিছিল, তাৰ পৰাই নিছিল— গঁড়ৰ খৰ্গটোও বিক্ৰী কৰিছিল। ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে কি তেল খায় নাজানো, আমি মিঠাতেলহে খাওঁ।”

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ

You might also like