নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰতেই ধুবুৰীত অস্বাভাৱিকভাৱে কমিছে বৰলুইতৰ জলস্তৰ…

এক কালজয়ী গীতেৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই অসম আৰু অসমীয়াৰ আয়ুস ৰেখাৰূপে অভিহিত কৰা বৰলুইতৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে শংকাৰ। বিগত কিছু বছৰৰ পৰা জানুৱাৰী/ফেব্ৰুৱাৰী মাহত ধুবুৰীত নৈখনৰ জলস্তৰ অস্বাভাৱিকভাৱে কমিবলৈ লৈছিল যদিও এইবাৰ অক্টোবৰ মাহতেই বৰলুইতৰ বুকুত দেখা গৈছে অসংখ্য বালিৰ চৰ আৰু এয়া এক অশনি সংকেত বুলিয়েই বিবেচিত হৈছে।

চীনৰ বৃহৎ নদীবান্ধ অথবা অৰুণাচলৰ গেৰুকামুখত নিৰ্মীয়মাণ নদীবান্ধৰ বাবেই হওক বা নহওক কিয়; ধুবুৰীত এসময়ত ৮/১০ কিলোমিটাৰৰ বহল এই নদীখনে বৰ্তমানে ঠায়ে ঠায়ে ধাৰণ কৰিছে সুঁতিসদৃশ ৰূপ। ইপিনে, নদীখনৰ জলস্তৰ কমি অহাৰ ফলত স্বাভাৱিকভাৱে ধুবুৰীলৈ দৈনিক অহা-যোৱা কৰা বিভিন্ন চৰাঞ্চলৰ ৰাইজ চৰম অসুবিধাৰ সন্মুখীন হ’বলগীয়া  হৈছে। আনকি, বৰলুইতৰ নিম্নগামী জলস্তৰৰ বাবে আগলৈ গৈ  ধুবুৰীৰ পঞ্চুঘাটৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নদীবন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰীলৈ বৰলুইতেৰে চলা মালবাহী জলযানৰ চলাচলো বন্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

ইপিনে, নদীখনৰ পানী কমি অহাৰ লগে লগে জীৱন আৰু জীৱিকা ৰূপে নিৰ্বাহ কৰা বৰলুইতৰ পাৰৰ হাজাৰ হাজাৰ নদীপৰীয়া লোকৰ স্বাভাৱিক জীৱন যাত্ৰাতো বাধাৰ সৃষ্টি হোৱাটো এক আশংকাজনক দিশ বুলিয়েই বিবেচিত হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ অক্টোবৰ

You might also like