নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰৈ ৰৈ বিনালে’… মুক্তিৰ পূৰ্বেই অভিলেখ

মুক্তিৰ পূৰ্বেই প্ৰায় কেইবাদিনলৈ অনলাইনত টিকট শেষ— অসমীয়া চিনেমাৰ ইতিহাসত অনন্য মাইলষ্টোন স্পৰ্শ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ। গায়ক, সংগীতকাৰ, অভিনেতা আৰু নিৰ্মাতা হিচাপে তেওঁৰ অন্তিমখন চলচ্চিত্ৰ বুক মাই শ্ব’ত বৰ্তমান ট্রেণ্ডিঙত আছে।

৩১ অক্টোবৰত দেশজুৰি মুক্তি পাবলগীয়া এই ছবিখনৰ দৰ্শনী চলিবলগীয়া গুৱাহাটীসহ ১২টা চিনেমা হলৰ টিকট বুক মাই শ্ব’ত ইতিমধ্যে বিক্ৰী সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে জুবিন গাৰ্গে এক সমৃদ্ধ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ সপোন দেখিছিল— যি বলীউডৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে। তদুপৰি তেওঁ নতুন নিৰ্মাতাসকলক সদায় উৎসাহিত কৰিছিল গুণগত আৰু অৰ্থৱহ চিনেমা বনাবলৈ। তেওঁৰ এই প্ৰেৰণা আৰু দিক নিৰ্দেশনাই আজিৰ আধুনিক অসমীয়া চলচ্চিত্ৰ জগতক বহু দূৰ আগুৱাই নিছে। হিয়াৰ আমঠু জুবিন গাৰ্গৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগক সমৃদ্ধ কৰাৰ সপোন যেন ‘ৰৈ ৰৈ বিনালে’ৰ মাজেৰে বাস্তৱ ৰূপ পোৱাৰ পথত।

গুৱাহাটীস্থিত কেইবাটাও মাল্টিপ্লেক্সে এই ছবিখনৰ বাবে সকলো দৰ্শনী আগবঢ়াইছে। ছবিখনৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি আন ছবিৰ প্ৰদৰ্শন বাতিল কৰিছে। কিছুসংখ্যক হলত পুৱা ৬ বজাৰ পৰা আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।

বুক মাই শ্ব’ত ৩১ অক্টোবৰ আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহৰ প্ৰায় সকলো শ্ব’ৰ টিকট বিক্ৰী হৈছে— লগতে পৰৱৰ্তী দিনৰো টিকটসমূহ তীব্ৰ গতিত বিক্ৰী হৈ আছে। শুকুৰবাৰে বুকিং আৰম্ভ হোৱাৰ প্ৰথম ঘন্টাৰ ভিতৰতে ৭,০০০ৰো অধিক টিকট বিক্ৰী হৈছিল — যি অসমীয়া চলচ্চিত্ৰ ইতিহাসত এক অভূতপূৰ্ব মাইলষ্ট’ন।

২৩ অক্টোবৰত মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰে অসমবাসীৰ মনত উদয় কৰিছে এক গভীৰ অনুভৱ আৰু নষ্টালজিয়া, বিশেষকৈ যেতিয়া জুবিনৰ ছিংগাপুৰত মৃত্যুৰ ঘটনাৰ সৈতে মিল থকা দৃশ্য দেখা যায়।

ৰাজেশ ভূঞাৰ পৰিচালনাত নির্মিত ‘ৰৈ ৰৈ বিনালে’ ছবিখনে এজন অন্ধ শিল্পীৰ কাহিনী বৰ্ণনা কৰিছে— যিটো চৰিত্ৰত জুবিনে নিজেই অভিনয় কৰিছে। জুবিন গাৰ্গে অভিনয় কৰা এই ছবিখন তেওঁৰ সৃষ্টিশীল আৰু দাৰ্শনিক চিন্তাধাৰাৰ এক অনন্য প্ৰতিফলন।

এই ছবিখনৰ দুটা গান “মোৰ মন” (৭ অক্টোবৰত মুক্তি) আৰু “সপোন সপোন” (১৫ অক্টোবৰত মুক্তি)-এ ইতিমধ্যে অসমৰ সীমা পাৰ হৈ দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। Eye Creations আৰু Zeal Creationsৰ যৌথ উদ্যোগত নিৰ্মিত এই ছবিখনত মৌচুমী আলিফা, জয় কাশ্যপ আৰু আচুৰ্য বৰপাত্ৰয়ো অভিনয় কৰিছে।

লক্ষ লক্ষ জুবিন অনুৰাগী এতিয়া ৰৈ আছে ৩১ অক্টোবৰৰ ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ দিনটোলৈ…

ডিজিটেল ডেস্ক, ২৫ অক্টোবৰ :

You might also like