নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বামুণপাৰাত আখৰৰ শুভ উদ্বোধন

বজালী জিলাৰ পূৱ বজালী অঞ্চলৰ বামুণপাৰাত আখৰ নামেৰে এক প্ৰিণ্টিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰা হয়৷ প্ৰতিষ্ঠানটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে টিহু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক গৌতম গোস্বামীয়ে৷

প্ৰতিষ্ঠানটো উদ্বোধন কৰি তেওঁ মৃণাল আকাশ মেধিৰ বিষয়টোত থকা পাৰদৰ্শিতাই অঞ্চলতোত এক বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰি সেৱা আগবঢ়াই দিনক দিনে উজ্জ্বলি উঠিব বুলি আশা প্ৰকাশ কৰি অঞ্চলবাসী এই ক্ষেত্ৰত উপকৃত হব বুলি নিজৰ চমূ ভাষণত উল্লেখ কৰে৷

এই উপলক্ষে দুটি বকুলৰ পুলি ৰোপণ কৰে পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ সভাপতি নৱকান্ত কলিতা আৰু বজালী জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মাই৷ উৎপল মেধিয়ে আঁতধৰা অনুষ্ঠানটোত বজালীৰ জ্যেষ্ঠ সাংবাদিক আমিনুল হক, অভিযন্তা দিগন্ত কুমাৰ দাস, তৰুণৰাম ফুকন হাইস্কুল বামুণপাৰাৰ প্ৰধান শিক্ষক প্ৰদীপ নাথ, স্থানীয় সমাজকৰ্মী বিনোদ কলিতা, শুক্ৰ কলিতায়ো শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷

সকলোৱে এই ক্ষেত্ৰখনত বহুবছৰ গুৱাহাটীত জৰিত থাকি শেষত নিজৰ জন্ম ঠাইৰ বাসস্থান চৌহদতে এনে প্ৰতিষ্ঠান গঢ়ি তুলি গ্ৰামাঞ্চলৰ লোকক সেৱা আগবঢ়োৱাৰ লগতে নিজৰ নিপুনতাৰে উন্নত মানদণ্ডৰ সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰি যাত্ৰাপথত শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰায় অৰ্ধশতাধিক ব্যক্তি উপস্থিত থকা উদ্বোধনী অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে আখৰৰ স্বত্বাধিকাৰী মৃণাল আকাশ মেধিয়ে৷

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ২৪ আগষ্ট

You might also like