নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অসমীয়া ছবি আইৰন গাৰ্লছৰ বিশেষ প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ অধ্যাপক, পৰিচালক ৰাজেন দাসৰ তিনি বছৰজোৰা শ্ৰমৰ ফলশ্ৰুতিত অৱশেষত চলচ্চিত্ৰৰ ৰূপত চেলুলয়ডত উদ্ভাষিত হ’ল অসমৰ স্বৰ্ণিল লোককলা ওজাপালি-দেওধনী৷ অলপতে পদ্মশ্ৰী বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা লোকশিল্পী দ্ৰোণ ভূঞাৰ কৰুণ জীৱনগাথাক আলোকিত কৰি অসমৰ ওজাপালি, দেওধনী কৃষ্টিক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত সাজু হৈ উঠিছে অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ”৷ আজি গুৱাহাটীৰ বেলতলাস্থিত মাল্টিপ্লেক্স ছবিগৃহ মেট্ৰিক্সত আইৰন গাৰ্লছৰ এক বিশেষ প্ৰদৰ্শন অনুষ্ঠিত হয় ৷ ছবিখনৰ বিশেষ প্ৰদৰ্শন মুকলি কৰি অলপতে নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা লোকশিল্পী দ্ৰোণ ভূঞাই আৱেগবিহ্বল হৈ পৰে৷ উল্লেখ্য যে ছবিখনত লোকশিল্পীগৰাকীৰ জীৱনৰ সংগ্ৰামী অধ্যায়ৰ এছোৱা আলোকপাত কৰাৰ লগতে বিলুপ্তপ্ৰায় দেওধনী তথা ওজাপালি শিল্পক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ পদ্মশ্ৰী বঁটাপ্ৰাপক দ্ৰোণ ভূঞাই ছবিখনৰ প্ৰথম প্ৰদৰ্শনটো মুকলি কৰি দেওধনী আৰু ওজাপালিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ছবিখনে বিশেষ ভূমিকা লব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে অসমৰ লোকশিল্প ওজাপালি আৰু দেওধনীক জীয়াই ৰখাৰ বাবে এই শিল্পৰ লগত জড়িত ব্যক্তিসকলে পদে পদে প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছিল৷ দেওধনী শিল্পীসকলক এসময়ত অস্পৃশ্য জ্ঞান কৰা হৈছিল৷ তাৰ মাজতো এই শিল্পৰ লগত জড়িত শিল্পীসকলে দেওধনী-ওজাপালিক জীয়াই ৰাখিছিল৷ এই শিল্পক জীয়াই ৰখা তেনে এগৰাকী ব্যক্তি আছিল দ্ৰোণ ভূঞা৷ বহু সংগ্ৰাম, প্ৰত্যাহ্বানৰ মাজত তেওঁ এই লোককলাৰ বাবে জীৱন পাত কৰিছিল৷ শিল্পীগৰাকীৰ সংগ্ৰামী জীৱন আৰু লৌহকন্যা দেওধনীসকলৰ জীৱন আইৰন গাৰ্লছত কৰুণভাৱে চিত্ৰায়ন কৰা হৈছে৷ এই প্ৰথম প্ৰদৰ্শনৰ পিছত ছবিখন এতিয়া দেশ বিদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰিব বুলি পৰিচালক ৰাজেন দাসে জানিবলৈ দিছে৷ ছবিখনৰ প্ৰদৰ্শনত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছাউণ্ড ডিজাইনাৰ দেৱজিত গায়ন, অভিনেত্ৰী আশা বৰদলৈকে ধৰি শিল্পী কলা-কুশলীসকল উপস্থিত থাকে৷

You might also like