আধুনিক যুগতো মান্ধাতাযুগীয়া ঘটনা… নিঃসন্তান বাবেই স্বামীগৃহৰ লোকে হত্যা কৰিলে জেছমিনাক
মৰিগাঁৱৰ সৰুচলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এই আধুনিক যুগতো নিঃসন্তান হোৱাৰ বাবেই স্বামী আৰু স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাই হত্যা কৰিলে পত্নীক। যিসময়ত বিজ্ঞানে শিখৰ চুমিব ধৰিছে, সেই সময়ত এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো লজ্জাজনক।
ঘটনাৰ পিছতে স্বামীসহ তিনিজনক গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। ইফালে হত্যাকাৰীৰ ফাঁচিৰ দাবীত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
এই লোমহর্ষক ঘটনাটো সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ সৰুচলা গাঁৱত। সৰুচলা গাঁৱৰ ছাদ্দাম হুছেইন নামৰ এজন যুৱকে ধিঙৰ শালমৰাবড়ীৰ জেছমিনা খাতুন নামৰ যুৱতীগৰাকীক সামাজিক ৰীতি নীতিৰে বিবাহ কৰাইছিল পাঁচ বছৰ পূৰ্বে । সকলো ঠিকেই আছিল যদিও পত্নী জেছমিনা খাতুনে সন্তান জন্ম দিব নোৱাৰাৰ বাবেই স্বামী ছাদ্দাম আৰু তেওঁৰ পৰিয়ালে চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। তথাপিও জেছমিনা খাতুনে নীৰৱে শয্য কৰি গৈছিল স্বামী গৃহৰ অকথ্য নিৰ্যাতন।
কিন্তু দেওবাৰে জেছমিনাক স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে শাৰীৰিক নিৰ্যাতন কৰি মুমুৰ্ষ অৱস্থাত মুখত বিহ ঢালি দিয়ে। এই ভাষ্য মৃত্যুৰ পূৰ্বে জেছমিনাই কৈ গ’ল পৰিয়ালৰ লোকক। জেছমিনা খাতুনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিস্যালয়তে মৃত্যু হয় জেছমিনাৰ।
ঘটনা সন্দৰ্ভত জেছমিনাৰ পিতৃ নুৰুল আমিনে জীয়ৰীৰ ন্যায় বিচাৰি মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে। মৈৰাবাৰী আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত স্বামী ছাদ্দাম হুছেইন, শহুৰেক ফজলু উদ্দীন আৰু দেওৰেক চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে যদিও এতিয়াও পলাতক আন তিনি অভিযুক্ত।
ইফালে হত্যাকাৰী ছাদ্দাম হুছেইন আৰু ছাদ্দাম হুছেইনৰ পৰিয়ালৰ শাস্তিৰ দাবীত জেছমিনা খাতুনৰ জন্ম গাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ৰাইজৰ দাবী জেছমিনা খাতুনৰ হত্যাকাৰীক উচিত শাস্তি প্রদান কৰক।
Niyomiya Barta Desk, 30 August