🔹 অভিযুক্ত আবু তাহেৰ খানক আটক আৰক্ষীৰ
নিয়মীয়া বার্তা, ৩০ আগষ্ট : ধুবুৰীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা ন্যায়াধীশৰ বিৰুদ্ধে চৰম স্পর্শকাতৰ শ্ল’গান দিয়া এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে৷ কালি পুৱা প্রায় ৮.৪০ বজাত ধুবুৰী চহৰৰ মাজমজিয়াৰ নতুন আদালত ভৱনৰ প্রৱেশদ্বাৰৰ সন্মুখৰ ৰাজপথত মটৰচাইকেল ৰখাই এজন যুৱকে ধুবুৰীৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা ন্যায়াধীশক গৰুৰ তেজেৰে গা ধুৱাব বুলি হুংকাৰ দি পলায়ন কৰিছিল৷
ঠিক সেই সময়ত সেই পথেদি গৈ থকা আন দুজন যুৱকে সেয়া প্রত্যক্ষ কৰিছিল আৰু তৎক্ষণাত যুৱক দুজনে বিষয়টো সামাজিক মাধ্যম ফেচবুকত পোষ্ট দিছিল৷ আনকি নিজৰ মটৰচাইকেলখনেৰে পলায়ন কৰাৰ পূর্বে সেই বাইক আৰোহীজনে ‘চৰফৰিশে কে তমন্না অব হমাৰে দিল মে’ হ্যায়, দেখনা হ্যয় জোৰ কিতনা বাজুমে কাতিল হ্যয়’ শীর্ষক হিন্দী চিনেমাৰ এটা বিশেষ ডাইলগো চিঞৰি চিঞৰি কোৱা বুলিও দাবী কৰিছিল প্রত্যক্ষদর্শী সেই দুজন স্থানীয় যুৱকে৷ পাছত স্থানীয় সংবাদকর্মীক দিয়া সাক্ষাৎকাৰত মটৰচাইকেলখনৰ নম্বৰ প্লেট চাবলৈ সক্ষম নহ’ল যদিও মটৰচাইকেলখন সেউজীয়া ৰঙৰ আছিল বুলি দাবী কৰিছিল সেই দুজনৰ এজন প্রত্যক্ষদর্শীয়ে৷
ইপিনে, ঘটনাটো সমগ্র ধুবুৰীত বনজুইৰ দৰে বিয়পি পৰাৰ সমান্তৰালকৈ নতুন আদালত ভৱন তথা সমীপতে থকা ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ কার্যালয়ৰ সমীপৰ ৰাজপথত দিনৰ পোহৰত এজন লোকে মুকলিকৈ এইদৰে শ্লোগান দিয়াটো চিন্তাজনক বুলিয়েই বিবেচিত হৈছে৷ অৱশ্যে প্রায় ৬ ঘণ্টাৰ প্রচেষ্টাৰ অন্তত চিচি টিভিৰ ফুটেজৰ আঁত ধৰি ধুবুৰী চহৰৰ এএমকো ৰোডৰ বিষু চিনেমা হলৰ সমীপৰ পৰা সমগ্র ঘটনাৰ মূল খলনায়কক এএছ–১৭ডি–৪৪৭৯ নম্বৰৰ এখন মটৰচাইকেলসহ আটক কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীৰ এটি দলে৷ ধৃত সেই যুৱকজন হৈছে ধুবুৰী চহৰৰ ১২নং ৱার্ড সুভাষ নগৰৰ আবু তাহেৰ খান৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী