নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ, ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰীৰ মৰ্যাদা লাভ বৰমাৰ কনক বড়োৰ

নিয়মীয়া বাৰ্তা, বৰমা, ৭ ডিচেম্বৰ : ৰাজ্যৰ ক্ৰীড়া জগতলৈ এক সুখবৰ । ফুটবলৰ বাবে আগবঢ়া বিটিচিৰ ফুটবলৰ ক্ষেত্ৰখনৰ বাবে আহিল এক ভাল লগা খবৰ । বাক্সা জিলাৰ বৰমাৰ বাসিন্দা কনক বড়োৱে ২০২৫ বৰ্ষৰ AIFF ৰেফাৰী প্ৰেক্টিকেল পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ Level-5 (National Referee) হিচাপে উন্নীত হোৱাত সক্ষম হৈছে ।

এই সাফল্য বাক্সা জিলাৰ বাবে এক আশাপ্ৰদ খবৰ হিচাপে বিবেচিত হৈছে, কিয়নো কনক বড়োৱেই বাক্সা জিলা ক্ৰীড়া সংস্থাৰ ইতিহাসত প্ৰথম ব্যক্তি, যিয়ে ৰাষ্ট্ৰীয় (Level-5) শ্ৰেণীৰ ফুটবল ৰেফাৰীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃতিত্বই বাক্সা জিলাৰ সম্পূৰ্ণ ফুটবল ক্ষেত্ৰখনত এক নতুন উৎসাহ আৰু অনুপ্ৰেৰণা সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কনক বড়োৱে বৰ্তমান বাক্সা জিলাৰ বৰমাৰ Barama United FC-ৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে। সংগঠনটোৰ সৈতে জড়িত হৈ তেওঁ দীৰ্ঘদিন ধৰি প্ৰাৰম্ভিক পৰ্যায়ত ফুটবলৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। তেওঁৰ নিষ্ঠা, পৰিশ্ৰম আৰু দায়িত্ববোধে এইখন ক্ৰীড়া সংস্থাক শক্তিশালী কৰি তুলিছে বুলি জানিবলৈ দিয়ে বাক্সাৰ ক্ৰীড়া মহলে । এই খবৰে বাক্সাৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলকো উৎসাহিত কৰিছে।

বাক্সা জিলা ক্ৰীড়া সংস্থাই কনক বড়োৰ এই অসাধাৰণ সফলতাক উচ্চ প্রশংসা কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিত বাক্সা জিলা ক্ৰীড়া সন্থাই কয় যে কনক বড়োৰ এই সাফল্যই জিলাখনৰ ফুটবল ৰেফাৰী ক্ষেত্ৰত থকা সম্ভাৱনাক উদ্ভাসিত কৰাৰ লগতে ভৱিষ্যতৰ ৰেফাৰী আৰু ক্ৰীড়াপ্ৰেমী যুৱ সমাজক আগবঢ়াই নিয়াৰ উদাহৰণ হিচাপে কাম কৰিব। বাক্সা জিলা ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক পংকজ ৰাম বড়োৱে প্রকাশ কৰা বিবৃতিত কনক বড়োক আন্তৰিক অভিনন্দন জনাই তেওঁৰ আগন্তুক জীৱনৰ উন্নতি, অধিক সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে । লগতে সংস্থাই আশা ব্যক্ত কৰে যে কনক বড়োৰ এই সাফল্যই বাক্সা জিলাৰ পৰা অধিক শিক্ষিত আৰু দক্ষ ফুটবল ৰেফাৰী উলিয়াই আনিবলৈ অনুপ্ৰেৰণা যোগাব আৰু আগন্তুক দিনত জিলাখনে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত ফুটবলৰ ক্ষেত্ৰত এক স্থান দখল কৰিব পাৰিব ।

You might also like