ৰৈ ৰৈ বিনালে, কনচাৰ্ট, জুবিনৰ চাৰ্জশ্বীটক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
অখিল গগৈ আৰু গৌৰৱ গগৈয়ে জুবিনক ন্যায় নোপোৱা বুলি কোৱা সমালোচনাৰ উত্তৰ দিয়া মুখ্যমন্ত্ৰীয়ে কয়— “তেওঁলোকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব চেষ্টা কৰি আছে
আজি গুৱাহাটীত অনুষ্ঠিত হ’ব আমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ বহুল প্রত্যাশিত কনচাৰ্ট। কনচাৰ্টৰ পূৰ্বেই দেওবাৰে কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিষয় উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়েই কয়— “আমেৰিকা, ইউ কে, শ্বিলং, ইটানগৰ, নাগালেণ্ড আদিৰ পৰা দৰ্শক আহিব। এনেধৰণৰ ৪–৫খন অনুষ্ঠান সফল হ’লেহে গুৱাহাটী শ্বিলঙৰ দৰে কনচাৰ্ট অৰ্থনীতিৰ হাব হ’ব।”
সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুক লৈ কিছু মহলে তোলা বিতৰ্কক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়— “জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্ট মেলন আহিব বুলি সিদ্ধান্ত লোৱা হৈছিল। জুবিন গাৰ্গে কেতিয়াও ইয়াৰ বিৰোধিতা কৰা নাছিল। শিল্পীয়ে শিল্পীক বিৰোধিতা নকৰে।” তেওঁ মন্তব্য কৰে— “অসমলৈ আহিলে পো’ষ্ট মেলনে জুবিনৰ বিষয়ে জানিব। ইয়াৰ ফলত অসমৰ নাম উজ্জ্বল হ’ব।”
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনায়— “এইখন অসম চৰকাৰৰ অনুষ্ঠান নহয়। স্থান–সুবিধা দিয়া হৈছে, কিন্তু আমি আর্থিকভাৱে জড়িত নহয়। ‘বুক মাই শ্ব’য়ে অনুষ্ঠানটোৰ দায়িত্ব লৈছে।” তেওঁ কয় তিনিটা দীঘলীয়া শ্ব’ একেলগে অসমত আয়োজিত হ’বলৈ গৈছে— কাৰ্বি আংলং, ডিমা হাছাও আদিতো কনচাৰ্টৰ আয়োজন হৈছে।
হৰ্ণবিল মহোৎসৱৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়— “অখিল গগৈয়ে হৰ্ণবিল চাবলৈ যায়, আমিহে নাযাওঁ। প’ষ্ট মেলনৰ শ্ব’তো আমি নাযাওঁ, ডেকাসকলৰেই সুযোগ। মই স্বয়ং পোষ্ট মেলনক চিনি নাপাওঁ?”
জুবিন গাৰ্গ অভিনীত অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ চাবনে বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয়— “মই জানুৱাৰীত চাম। ডাক্তৰে জুবিনক সাগৰৰ কাষত নাযাব বুলি মানা কৰিছিল। ছবিখনৰ কিছু অংশ সাগৰত শ্বুটিং হোৱাৰ কথাই মোক চিন্তিত কৰিছে। অৱহেলাৰ ওপৰত আগলৈ তদন্ত হ’ব লাগিব।” তদন্তত অবহেলা থকাৰ সম্ভাৱনাৰ বিষয়ে তেওঁ কয়— “ডাক্তৰে লিখিতভাৱে মানা কৰা সত্ত্বেও শ্বুটিং পানীত হৈছিল কেনেকৈ? বহুদিন ধৰি বহুতে জুবিনৰ জীৱনক লৈ হেতালি খেলিছিল।”
ইফালে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে জুবিনক ন্যায় নোপোৱা বুলি কোৱা সমালোচনাৰ উত্তৰ দিয়া মুখ্যমন্ত্ৰীয়ে কয়— “তেওঁলোকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব চেষ্টা কৰি আছে। চাৰ্জশ্বীটত বাধা দিবলৈ চেষ্টা কৰা হৈছে।” শেষত মুখ্যমন্ত্ৰীয়ে কয়— “অভিযোগনামা দাখিল হ’লেই সকলো বুজি পাব।”
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ
লগতে এইটোও পঢ়ক — ভুল চিকিৎসাৰ বলি হৈ মৃত্যু ৰোগীৰ? চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি