নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ৫ ডিচেম্বৰ : অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা বৰ্তমান পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ পাণপুৰ বনাঞ্চল৷ পাণপুৰ-বিশ্বনাথ মথাউৰিৰ কাষতে থকা এই ষষ্ঠ সংযোজনৰ এলেকাত এতিয়া সুলভ হৈ পৰিছে এশিঙীয়া গঁড়কে ধৰি অন্যান্য পশুপক্ষীৰ মুক্ত বিচৰণৰ দৃশ্য। পাণপুৰ-বিশ্বনাথ মথাউৰিৰ পৰাই এতিয়া পৰ্যটকে প্ৰত্যক্ষ কৰে গহীন-গম্ভীৰ খোজেৰে ঘাঁহ খাই থকা গড়ঁৰ দৃশ্য। তদুপৰি এই ষষ্ঠ সংযোজন এলেকাত দেখিবলৈ পোৱা গৈছে ঢেঁকীয়াপতীয়া বাঘ, জাক জাক বন্যহস্তী, হৰিণা, বনৰীয়া ম’হ, বনৰীয়া গাহৰিৰ লগতে শীতৰ বতৰত অতিথি হিচাপে অহা দেশী বিদেশী পৰিভ্ৰমী পক্ষী।
শেহতীয়াভাৱে অসমৰ গ্ৰামাঞ্চলৰ পৰা হেৰাই যোৱা প্ৰকৃতিৰ জামাদাৰ খ্যাত বৃহৎসংখ্যক শগুনৰ বিচৰণো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ইতিবাচক দিশ। ইতিমধ্যে ষষ্ঠ সংযোজনত পৰ্যটকৰ বাবে জীপ ছাফাৰি মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে ষষ্ঠ সংযোজনৰ দায়িত্বত থকা বনাঞ্চলিক বিষয়াই।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ষষ্ঠ সংযোজন এলেকা চাৰি বছৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰি দিছিল।