নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্ৰাছুৰ অনশন, গোলকগঞ্জ-ত অসুস্থ ৫ প্ৰতিবাদকাৰী

হয় মৰিম নহয় তৰিম, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী জাতিক উদ্ধাৰ কৰিম বুলি আজি গোলকগঞ্জত এশ ঘণ্টীয়া অনশন স্থলীত অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি যুগল চন্দ্ৰ ৰায়ে মন্তব্য কৰে।

উল্লেখ যে গোলকগঞ্জত কে এছ ডি চি আৰু আক্ৰাছুয়ে যোৱা ৩ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা এশ ঘণ্টীয়া গণ অনশন কাৰ্যসূচীত পাচ জন আন্দোলনকাৰী আজি অসুস্থ হৈ পৰে। অসুস্থ ক্ৰমে মিণ্টু ৰায় ,সোনা ৰায়, শান্তনু মোহন ৰায়, অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি জুগল ৰায় আৰু আৰ্য কোচ  গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে।

এই অসুস্থ আন্দোলনকাৰীক চেলাইন লগোৱা হৈছে। আজি তিনি দিন পাৰ হোৱাৰ পিছতো কোনো এগৰাকী চৰকাৰী বিষয়াই আন্দোলনকাৰীৰ ওচৰতে উপস্থিত হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আন্দোলনকাৰীসকলে।

গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই এশ ঘণ্টীয়া অনশন চলি আছে। কামতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ্গঠন কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ, মাতৃভাষাক সাংবিধানিক স্বীকৃতি আৰু কে এল অ নেতা জীৱন সিংহক শান্তি আলোচনাৰ দাবীত কামতাপুৰ ষ্টেট ডিমাষ্ট কাউঞ্চিলৰ উদ্যোগত এই কাৰ্যসূচী চলি আছে।

নিয়মীয়া বাৰ্তা, আগমনি, ৫ ডিচেম্বৰ

You might also like