নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰবন্ধু আঁচনিৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, মিছামাৰী, ১৪ ডিচেম্বৰ : শোণিতপুৰৰ অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰবন্ধু আঁচনিৰ উদ্যোগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পঢ়া-শুনাৰ তদাৰক কৰা আৰু ঘৰতে অধ্যয়নৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে ৷ বিদ্যালয়খনৰ একাংশ শিক্ষাগুৰুৱে নিজৰ গাঁৱৰ ওচৰ-পাজৰৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ তদাৰক কৰাটোক ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে প্ৰশংসা কৰা বুলি জনাইছে ৷

২০১৬ চনৰ পৰা ধাৰাবাহিকভাৱে বিদ্যালয়খনৰ ছাত্ৰবন্ধু আঁচনিৰ জৰিয়তে গাঁৱে গাঁৱে আৰম্ভ কৰা কোচিং কেম্পৰ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰা বুলি জনাইছে ৷ বিদ্যালয়খনৰ অধ্যক্ষ ৰঞ্জন কুমাৰ নাথ আৰু ছাত্ৰবন্ধু আঁচনিৰ তত্ত্বাৱধায়ক নিপ কমল হাজৰিকাৰ উদ্যোগত আৰম্ভ কৰা উক্ত কাৰ্যসূচী অঞ্চলটোৰ সৰকা, পুৰণি ঘটুৱা, বৰঘোপ, বাঁহবাৰী, বান্দৰমাৰী, বালিশিহা, থিয়আটি আদি গাঁৱত চলি থকা বুলি জানিবলৈ দিছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পঢ়া-শুনা কৰা কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে নিপ কমল হাজৰিকা, উপাধ্যক্ষ পূৰ্ণকান্ত কৰ্মকাৰ, অৱসৰী শিক্ষক শ্ৰীকান্ত ৰাজোৱাৰ, সঞ্জীৱ কুমাৰ শৰ্মা, বাসুদেৱ দৈমাৰী, ঝৰ্ণা দেৱী, ড° পাপৰি দেৱী, দীপেন বড়ো, লুহিতা ব্ৰহ্ম আদিয়ে অংশগ্ৰহণ কৰা বুলি জনাইছে ৷

উক্ত কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা সভাপতি দেৱেন চন্দ্ৰ ভেংৰা, সম্পাদক দৌলত ৰাজোৱাৰ, অন্যানা নাৰ্জাৰী, মঞ্জুৰী শইকীয়া, অভিজিৎ মহন্ত, প্ৰিংকা কেওট, অংকুৰ বৰুৱা, নিৰ্মালি দেৱী, ইজাক আনচাৰী, চাৰফ্ৰজ আনচাৰী, ভেংকট ৰাজোৱাৰ, পলাশ নাথ আদিয়ে সহায় আগবঢ়োৱা বুলি জনাইছে ৷ এনে মহৎ কাৰ্যসূচী গ্ৰহণৰ ফলত বিদ্যালয়খনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকল বিগত বৰ্ষৰ পৰীক্ষাসমূহত বিশেষভাৱে উপকৃত হোৱাৰ লগতে পৰীক্ষাত ভাল ফলাফল দিবলৈ সক্ষম হোৱা বুলি জনাইছে ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰা মহৎ কাৰ্যসূচীৰ কাৰণে শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষকে ধৰি স্থানীয় শিক্ষানুৰাগী ব্যক্তিয়ে প্ৰশংসা কৰিছে ৷

You might also like