নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰে অপকৰ্মৰ চেষ্টা, গ্ৰেপ্তাৰ সহপাঠী বিহাৰৰ যুৱক

বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ নৱেম্বৰ : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰে অপকৰ্ম চলোৱাৰ অপচেষ্টাৰ অভিযোগত মহাবিদ্যালয়খনতে অধ্যয়নৰত এজন ছাত্ৰক লীলাবাৰী আৰক্ষীয়ে আটক কৰে। যুৱকজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এম বি বি এছৰ এগৰাকী ছাত্ৰীয়ে সুশীল কুমাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে অপকৰ্ম চলোৱাৰ অপচেষ্টাৰ অভিযোগ তুলি লীলাবাৰী থানাত অভিযোগ দাখিল কৰে। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তাৎক্ষণিকভাৱে চিকিৎসা মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ সুশীল কুমাৰক আটক কৰে ।

উল্লেখ্য যে ছাত্ৰীগৰাকীয়ে মঙলবাৰে তেওঁৰ এক বিশেষ পৰীক্ষা দি প্ৰস্ৰাৱাগাৰলৈ যাওঁতেই সহপাঠী সুশীলে ছাত্ৰীগৰাকীক টয়লেটৰ দুৱাৰ বন্ধ কৰি অপকৰ্মৰ অপচেষ্টা চলোৱাৰ অভিযোগ তোলে। আনহাতে, এই সন্দৰ্ভত অভিযুক্ত ছাত্ৰজনে নিজকে নিৰ্দোষী বুলি দাবী কৰে আৰু মহাবিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ সমাজক অৱগত কৰে বুলি কয়। ইতিমধ্যে লীলাবাৰী আৰক্ষীয়ে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰি তদন্ত কৰাৰ লগতে আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ  প্ৰেৰণ কৰিছে।

You might also like