ৰৈ ৰৈ বিনালে ৰেকৰ্ডিং কৰি আৰক্ষীৰ জালত ধুবুৰীৰ আশিকুৰ
অবৈধ ৰেকৰ্ডিং তথা লাইভ ষ্ট্ৰিমিং কৰি ধুবুৰীৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছে
জুবিন গাৰ্গৰ অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ৰ পাইৰেচী নকৰিবলৈ আহ্বান জনোৱা হৈছে যদিও তৎস্বত্বেও অবৈধ ৰেকৰ্ডিং তথা লাইভ ষ্ট্ৰিমিং কৰি ধুবুৰীৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছে।
ধুবুৰী আৰক্ষীয়ে সামাজিক মাধ্যমৰ নিজৰ পেজযোগে এয়া সদৰী কৰিছে।
প্ৰাপ্ত তথ্যৰ ভিত্তিত, আৰক্ষীয়ে ছবিগৃহৰ পৰাই মোবাইলসহ যুৱকজনক কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।
ধৃত যুৱকজন ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ প্ৰথম খণ্ডৰ আশিকুৰ ৰ’হমান (২৯) বুলি প্ৰকাশ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ নৱেম্বৰ