নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষীৰ তীব্র প্রতিবাদ বেৰিকেড ভঙাৰ চেষ্টা

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ চতুর্দশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনৰ প্রথম দিনাই বিভিন্ন দল–সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল লাষ্টগেট৷ ৰাজধানী দিছপুৰ সংলগ্ণ লাষ্টগেটৰ নির্দিষ্ট প্রতিবাদস্থলীত আন্দোলনৰ কার্যসূচী ৰূপায়ণেৰে দল সংগঠনসমূহে নিজৰ নিজৰ দাবী–সমস্যাসমূহ পুনৰবাৰ চৰকাৰৰ দৃষ্টি আকর্ষণৰ চেষ্টা কৰে৷ নিজ দাবীৰ সমর্থনত বিভিন্ন ধৰণৰ শ্লোগান দি থকাৰ মাজতে প্রতিবাদকাৰী সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থা আৰু লাষ্টগেটত নিয়োজিত আৰক্ষী–নিৰাপত্তাৰক্ষ্ মাজত উদ্ভৱ হয় সংঘাতপূর্ণ পৰিৱেশৰ৷ প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱানসকলে সাধাৰণ মৌলিক ন্যায়প্রাপ্তিৰ দাবীত প্রতিবাদী কার্যসূচী অব্যাহত ৰাখি এটা সময়ত বেৰিকেড ভাঙি প্রতিবাদস্থলীৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে৷ আৰক্ষী–নিৰাপত্তাৰক্ষী এই কার্যত বাধা দিবলৈ লওঁতেই প্রতিবাদকাৰী প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষীসকলৰে ঠেলা–হেঁচা লাগে৷ অৱশ্যে কিছুসময়ৰ ভিতৰতেই এই পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ তৰফৰ পৰা কোৱা হয়– আমি সাধাৰণ মৌলিক ন্যায়প্রাপ্তিৰ বাবে বহু আবেদন–নিবেদন কৰি আহিছোঁ৷ বিভাগীয় কর্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰে আলাপ–আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান হোৱটো বিচাৰোঁ৷ কিন্তু পৰিতাপৰ বিষয় যে আজিপর্যন্ত ৰাজ্যখনৰ প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱানসকলৰ সাধাৰণ মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ ইতিবাচক পদক্ষেপ গ্রহণ কৰা নহ’ল৷ সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাই প্রতিবাদস্থলীৰ পৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ প্রেৰণ কৰা স্মাৰক–পত্রত প্রধানকৈ চাৰিটা দাবী উত্থাপন কৰিছে৷ এই দাবীকেইটা হ’ল– ১৯৪৭ চনৰ গৃহৰক্ষী আইনখনৰ প্রয়োজনীয় সংশোধনী ঘটাই গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়াকৰণ, অসমৰ গৃহৰক্ষী জোৱানসকলক দেশৰ আন ৰাজ্যসমূহৰ লগত সংগতি ৰাখি নূ্যনতম ১৮,০০০ টকাৰ পৰা ২১,০০০ টকা মাহিলি দৰমহা আদায় দিয়া, কর্তব্যৰত অৱস্থাত মৃত্যু ঘটা গৃহৰক্ষী জোৱানৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ কর্মচাৰীৰ দৰে আর্থিক সাহায্য প্রদান কৰা আৰু হোমগার্ড ডিজিটেল ডেপ্লইমেণ্ট বাতিল অন্যথা উন্নীতকৰণৰ ব্যৱস্থা গ্রহণ কৰা৷

লাষ্টগেটত বৃহস্পতিবাৰে একাধিক শিক্ষক সংগঠনেও প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম অপ্রাদেশীকৃত হাইস্কুল শিক্ষক সন্থাই এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে ২০০৬ চনৰ এক জানুৱাৰীৰ পূর্বে স্থাপিত আৰু চৰকাৰী অনুমতি–স্বীকৃতিপ্রাপ্ত্ বিদ্যালয়সমূহ প্রাদেশিকীকৰণ আইনৰ অন্তর্ভুক্ত কৰা, ২০১৭–১৮ বর্ষৰ অসম শিক্ষা আইনৰ সংশোধন কৰি নৱম শ্রেণীৰ পৰিৱর্তে অষ্টম শ্রেণীত প্রথম শ্রেণী হিচাপে ধৰি প্রাদেশিকীকৰণ, ২০০৬ চনৰ পূর্বে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া বিদ্যালয়সমূহক প্রাদেশিকীকৰণৰ ব্যৱস্থা, বিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া নিযুক্তিপত্রসমূহ বাহাল ৰখা আদি দাবী উত্থাপন কৰিছে৷ সদৌ অসম ইছ্যু ডেট ভুক্তভোগী উচ্চ প্রাথমিক শিক্ষক সন্থায়ো আজি লাষ্টগেটত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৱে আজি গ্রহণ কৰা আন্দোলনৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্রত অহা ২০ ফেব্রুৱাৰীৰ পূর্বে বিহীত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে৷ প্রতিবাদকাৰীসকলে ২০০৬ চনৰ এক জানুৱাৰীলৈ স্বীকৃতিপ্রাপ্ত উচ্চ প্রাথমিক বিদ্যালয়সমূহৰ ইছ্যু ডেট কর্তন কৰি এফেক্ট ডেট বাহাল ৰাখি প্রাদেশিকীকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷ তেওঁলোকৰ আন দাবীসমূহৰ ভিতৰত মধ্য ইংৰাজী বিদ্যালয়ৰ ক্ষেত্রত শিক্ষক–কর্মচাৰীৰ সংখ্যা +১ আৰু মধ্য ইংৰাজী মাদ্রাছাৰ ক্ষেত্রত +১ কৰা, ছাত্র অনুপাতে অতিৰিক্ত সহঃ শিক্ষকৰ পদ সৃষ্টি কৰা, সকলো নথি–পত্র থকা বিদ্যালয়সমূহৰ ভূমি পঞ্জীয়নৰ তাৰিখৰ ক্ষেত্রত কিছু ৰেহাই দিয়া আৰু ২০১০ চনৰ ৩১ ডিচেম্বৰৰ পূর্বে নিযুক্তিপ্রাপ্ত সকলো শিক্ষক–কর্মচাৰীক প্রাদেশিকীকৰণ আইনৰ আওতালৈ অনা অন্যতম৷ সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাই লাষ্টগেটত আজি ৰূপায়ণ কৰা প্রতিবাদী কার্যসূচীৰ জৰিয়তে আছাম ছার্ভিচেছ ৰুল্ছ অনুসৰি বিদ্যালয়ৰ অন্য শিক্ষকৰ সমহাৰত কম্পিউটাৰ শিক্ষকক দৰমহা প্রদান, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা নিযুক্তিপ্রাপ্ত কম্পিউটাৰ শিক্ষকৰ চাকৰি বিনাচর্তে নিয়মীয়াকৰণ আৰু ২০১৭ চনৰ ২৮ ফেব্রুৱাৰীত অসম বিধানসভাৰ সিদ্ধান্তমর্মে কম্পিউটাৰ শিক্ষাক বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে৷

সদৌ অসম প্রাথমিক টেট উত্তীর্ণ সমিতিয়েও বৃহস্পতিবাৰে লাষ্টগেটত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ নেতৃত্বই এই প্রতিবাদ সন্দর্ভত কয় যে ২০১২ চনৰ পাছত শিক্ষা বিভাগে বিশেষ টেটহে অনুষ্ঠিত কৰিছিল৷ য’ত সকলো শ্রেণীৰ শিক্ষার্থীয়ে অৱতীর্ণ হোৱাৰ সুযোগ পোৱা নাছিল৷ প্রায় সাত বছৰ পাছত ২০১৯ চনত অনুষ্ঠিত কৰা টেটত উত্তীর্ণ হোৱা আমাৰ দৰে ৪০ৰ ডেওনা পাৰ হ’ব খোজা প্রার্থীসকলৰ স্বার্থত টেট উত্তীর্ণ–১৯ৰ সকলো প্রার্থীকে চৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্রহণ কৰক৷ তদুপৰি মেধাৰ তালিকাৰ পৰা বঞ্চিত ৬,০০০ প্রার্থীৰ ভিতৰত ৫,০০০ৰে বয়সৰ ঊর্ধ্বসীমা অতিক্রমৰ দুৱাৰডলিত উপনীত হৈছে৷ সেয়েহে সেইসকল প্রার্থীৰ ভৱিষ্যতৰ স্বার্থত আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে সর্বশিক্ষা বা ষ্টেটপুলৰ কোনো আঁচনিৰ জৰিয়তে তেওঁলোকক নিযুক্তিৰ ব্যৱস্থা কৰক৷ ডিমা হাছাও জিলাৰ বাহিৰত হোজাই, নগাঁও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বসবাস কৰা ডিমাচাসকলৰ বাবে ডিমাচা কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠন আৰু ডিমাচা অধ্যুষিত অঞ্চলৰ প্রাথমিক বিদ্যালয়ত ডিমাচা কছাৰী ভাষা প্রৱর্তন কৰাৰ দাবীৰে আজি সদৌ ডিমাচা ছাত্র সন্থায়ো লাষ্টগেটত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ গোর্খাসকলক স্বায়ত্ত শাসন প্রদানকে ধৰি বিভিন্ন দাবীৰ সমর্থনত আজি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে সদৌ অসম গোর্খা ছাত্র সন্থাই৷ অসমত বসবাস কৰা ভূমিপুত্র হাজং জনগোষ্ঠীৰ বাবে উপগ্রহীয় ব্যৱস্থাৰে ‘হাজং কছাৰী স্বায়ত্তশাসিত পৰিষদ’ গঠনৰ দাবীত জনগোষ্ঠীটোৰ কেইবাটাও জাতীয় সংগঠনে লাষ্টগেটত গ্রহণ কৰে প্রতিবাদী কার্যসূচী৷ গৰিয়া, মৰিয়া, দেশীসকলক সুকীয়া জৰীপৰে চিনাক্তকৰণ, উন্নয়ন নিগম আৰু উন্নয়ন পৰিষদ গঠনৰ দাবীত আজি লাষ্টগেটত অৱস্থান ধর্মঘটত বহে সদৌ অসম গৰিয়া–মৰিয়া–দেশীয় জাতীয় পৰিষদে৷

You might also like