নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্ৰিম কোৰ্টত হাজিৰ সুশান্তৰ পিতৃ কে কে সিং, কৰিলে উত্তৰদান

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ আবেদনক লৈ আজি উচ্চতম ন্যায়ালয়ত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে উত্তৰদান কৰে।

কে কে সিঙে ন্যায়ালয়ক জনায় যে ৰিয়া চক্ৰৱৰ্তীয়ে সাক্ষ্য-প্ৰমাণ প্ৰভাৱিত কৰিছে। তেওঁ কয় যে ৰিয়া চক্ৰৱৰ্তীৰ দ্বাৰা দাখিল কৰা আবেদন এতিয়া প্ৰভাৱহীন, কাৰণ এই তদন্ত চি বি আইৰ হাতলৈ গৈছে।

আনহাতে তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰথমাৱস্থাত চি বি আই তদন্তৰ পোষকতা কৰিছিল, কিন্তু এতিয়া চি বি আই তদন্ত আৰম্ভ হোৱাত তেওঁ ভীতিগ্ৰস্ত।

দুয়ো পক্ষৰ উত্তৰদানৰ পিছত উচ্চতম ন্যায়ালয়ে শুনানিৰ বাবে ১১ আগষ্টৰ দিনটো ধাৰ্য কৰে। উল্লেখ্য ৰিয়াৰ বিপক্ষে সুশান্তৰ পিতৃয়ে বিহাৰৰ আৰক্ষী থানাত গোচৰ তৰিছিল, ইয়াকে লৈ ৰিয়াই উক্ত গোচৰ মুম্বাই আৰক্ষী থানালৈ বদলি কৰাবলৈ ন্যায়ালয়ত আবেদন জনাইছিল।

You might also like