নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত প্রদর্শিত হ’ব অসমসহ উত্তৰ–পূর্বাঞ্চলৰ কলা–সংস্কৃতি

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ  সাত সাগৰ তেৰ নদীৰ সিপাৰে লণ্ডনত প্রদর্শিত হ’ব অসমসহ উত্তৰ–পূর্বাঞ্চলৰ কলা–সংস্কৃতি৷ লণ্ডনৰ নেহৰু কেন্দ্রত আয়োজন কৰা এক কার্যসূচীত উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ কলা–সংস্কৃতি প্রদর্শন কৰা হ’ব৷ কাইলৈ আৰম্ভ হ’বলগীয়া এই কার্যসূচী চলিব অহা ১৪ অক্টোবৰলৈ৷ ব্রিটেইনস্থিত উইমেন অৱ নর্থ–ইষ্ট ছাপ’ট নেটৱর্কৰ উদ্যোগত আয়োজন কৰা এই কার্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাজ্যকেইখনৰ চহকী কলা–সংস্কৃতি প্রদর্শিত হোৱাকৈ এখন প্রদর্শনীৰ আয়োজন কৰা হৈছে৷ ২০২০ চনত গঠন হোৱা সংস্থাটোৱে এক বিবৃতিৰ জৰিয়তে কয় যে উত্তৰ–পূর্বাঞ্চলৰ আঠোখন ৰাজ্যৰ কলা–সংস্কৃতি প্রদর্শনৰ জৰিয়তে এই অঞ্চলটো যাতে পর্যটকসকলৰ বাবে এক লক্ষ্যস্থান হ’ব পাৰে, সেয়া উল্লেখ কৰিব বিচৰা হৈছে৷ তদুপৰি আন্তঃৰাষ্ট্রীয় দর্শকৰ সন্মুখত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰা প্রদর্শন কৰাও এই প্রদর্শনীখনৰ লক্ষ্য বুলি তেওঁলোকে উল্লেখ কৰিছে৷

ইতিমধ্যে শুকুৰবাৰে এই প্রদর্শনীখনৰ আনুষ্ঠানিক আৰম্ভণি সম্পন্ন হৈছে৷ উদ্বোধনী অনুষ্ঠানত অসমৰ বিহুনৃত্য, সত্রীয়া নৃত্য, মেঘালয়ৰ হাৰভেষ্ট নৃত্য, মণিপুৰৰ ক্লাছিকেল কৃষ্ণ নৃত্যৰ উপৰি ছিকিম, নাগালেণ্ড, অৰুণাচল প্রদেশ আৰু মিজোৰামৰ আকর্ষণীয় স্থানসমূহৰ দৃশ্য–শ্রাব্য মাধ্যমৰ জৰিয়তে প্রদর্শন কৰা হয়৷ উদ্বোধনী অনুষ্ঠানত উচ্চায়ুক্ত বিক্রম দোৰাইস্বামী আৰু নেহৰু কেন্দ্রৰ উপ–সঞ্চালক সঞ্জয় কে শর্মা উপস্থিত থাকে৷ আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্রদর্শনীখনৰ প্রৱেশ বিনামূলীয়া হ’ব৷ উত্তৰ–পূর্বাঞ্চলৰ কেইবাগৰাকীও সুনিপুণ শিল্পীৰ কাম–কাজ প্রদর্শনীখনৰ জৰিয়তে প্রদর্শিত হ’ব৷ সমান্তৰালভাৱে সাংস্কৃতিক কার্যসূচীও প্রদর্শনীৰ সময়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷

You might also like