নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নূপুৰ চুৰি কৰিবলৈ ১০৮ বছৰীয়া বৃদ্ধাক ছুৰীৰে আঘাত দুষ্কৃতিকাৰীৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ চোৰ–ডকাইতৰ মানৱীয়তা বুলি একো বস্তু নাথাকে৷ শেহতীয়াকৈ ৰাজস্থানত এই কথা পুনৰ প্রমাণিত হ’ল৷ ১০৮ বছৰীয়া বৃদ্ধা এগৰাকীৰ নূপুৰ চুৰি কৰিবলৈ বৃদ্ধাগৰাকীক ভৰিত চোকা অস্ত্রৰে আঘাত কৰিলে চোৰে৷ আশংকাজনক অৱস্থাত এই বৃদ্ধাগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছে৷ ৰাজস্থানৰ জয়পুৰৰ এই ঘটনাই সংবাদ মাধ্যমত সৃষ্টি কৰিছে চাঞ্চল্য৷ এতিয়াও দুষ্কৃতিকাৰীৰ সন্ধান পোৱা নাই আৰক্ষীয়ে৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ঘটনাটো ৰাজস্থানৰ জয়পুৰৰ গল্টা গেট অঞ্চলত সংঘটিত হৈছে৷ প্রাতঃভ্রমণলৈ ওলাইছিল ১০৮ বছৰীয়া বৃদ্ধা যমুনা দেৱীয়ে৷ তেতিয়াই এদল দুষ্কৃতিকাৰীয়ে যমুনা দেৱীৰ নূপুৰ কাঢ়ি নিবলৈ এই আক্রমণ সংঘটিত কৰে৷ ঘটনা সংঘটিত কৰিয়েই দুষৃকতিকাৰীৰ দলটোৱে পলায়ন কৰে৷ ইফালে, শতবর্ষ অতিক্রম কৰা বৃদ্ধাগৰাকীৰ ওপৰত আক্রমণ চলোৱা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে বিশেষ তৎপৰতা গ্রহণ কৰিছে৷ সমগ্র অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষীৰ কেইবাটাও দল৷

You might also like