নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদাত্ত ভাষণেৰে আছুৰ পৰা বিদায় ল’লে লুৰিণজ্যোতি গগৈয়ে

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ জাতীয়–জনগোষ্ঠীয় সংগঠনৰ প্রতিনিধিবর্গই সমৱেত হৈ ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ লোৱা সদৌ অসম ছাত্র সন্থা (আছু)ৰ দুলীয়াজান অধিৱেশনৰ মুকলি সভাৰ মঞ্চতে উদ্ভৱ হ’ল অভাৱনীয় পৰিস্থিতিৰ৷ এক কথাত ক’বলৈ গ’লে শক্তি প্রদর্শনৰ স্থলীত পৰিণত হোৱা আছুৰ সপ্তদশ অধিৱেশনত সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কোনেও নভবা ধৰণে মুকলি মঞ্চতে সৃষ্টি কৰিলে এক আৱেগিক পৰিৱেশৰ৷

মুকলি সভালৈ আমন্ত্রিত বিভিন্নজন অতিথিয়ে বক্তব্য ৰখাৰ পাছত এইবাৰ ভাষণৰ বাবে পাল পৰিছিল দীর্ঘদিন আছুক সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ৷ কিন্তু ড০ ভট্টাচার্যই ভাষণ দিয়াৰ বাবে নির্দিষ্ট স্থানলৈ আগবঢ়াৰ সময়তে হঠাতে মাইক্র’ফোন হাতত লৈ সাধাৰণ সম্পাদক গগৈয়ে আৱেগিকভাৱে আছুৰ মঞ্চ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে৷ অনুষ্ঠিত প্রতিনিধি সভাত মুখ্য উপদেষ্টা ড০ ভট্টাচার্যক আছুৰ মঞ্চ ত্যাগ নকৰিবলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ প্রতিনিধিবর্গই আহ্বান জনোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ মাজতে এইবাৰ সাধাৰণ সম্পাদক গগৈৰ আৱেগিক ভাষ্যই কার্যতঃ ছলাকটকী খেলপথাৰত সৃষ্টি কৰিলে আন এক পৰিৱেশৰ৷

নিশা অনুষ্ঠিতব্য বিষয় বাছনি সভাৰ পূর্বে মুকলি সভাৰ মঞ্চতে সাধাৰণ সম্পাদক গগৈয়ে আছু ত্যাগৰ ঘোষণা কৰি কয়– ‘মই কেৱল যদি নিজৰ ভৱিষ্যতৰ কথা ভাবিলোঁ হয়, আছুৰ সভাপতি হ’ব গ’লোঁহেঁতেন৷ ৰাজনীতি কৰিব বিচাৰিলে জাতিটোক প্রতাৰণা কৰা, বিশ্বাসঘাতকতা কৰাসকলৰ দৰে সিদ্ধান্ত ল’লোঁহেঁতেন৷ জাতীয় দায়বদ্ধতাৰ চিন্তা লৈ জাতিৰ সংকটৰ সময়ত আদর্শৰ প্রাণ প্রতিষ্ঠা কৰিবৰ বাবেই আছু ত্যাগ কৰিলোঁ৷ নিজৰ বাবে নহয়, জাতিৰ বাবে আছু ত্যাগ কৰিলোঁ৷ মই মন–ন্তৰাত্মাক সুধি, জানি–বুজি বিবেকেৰে এই সিদ্ধান্ত লৈছোঁ৷ মই বাৰে বাৰে কৈ আহিছোঁ, এটা নির্দিষ্ট সময়ৰ বাবে সকলো নির্ধাৰিত হ’ব লাগে৷ বিশ্ববিদ্যালয়ত যিদৰে দুটা বছৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ বাবে নির্ধাৰিত, পাঁচ বছৰ গৱেষণাৰ বাবে নির্ধাৰণ কৰি দিছে একেদৰে সকলোৰে এটা নির্ধাৰিত সময় থাকিব লাগে৷ এয়া বিজ্ঞানসন্মত কথা৷ নাটক আৰু কাৰচাজিৰ অন্ত পৰিব লাগে৷’

তেওঁ আৰু কয় যে আছু ত্যাগত মোৰ একান্ত ব্যক্তিগত কথা নাই৷ বিজেপি–কংগ্রেছে মোক টিকট দিয়াৰ কথা কৈছে৷ মন্ত্রী–বিধায়ক হোৱাৰ বাসনা থাকিলে মই সেই সুবিধা ল’ব পাৰিলোঁহেঁতেন৷ কিন্তু মই ছাত্র সন্থাৰ পৰা গৈ যিসকলে প্রতাৰণাৰ দলিল ৰচনা কৰিছে, তেনে পৰিৱেশৰ অৱসানৰহে প্রচেষ্টা চলাইছোঁ৷ ক্রন্দনৰত আছুৰ সাধাৰণ সম্পাদক গগৈৰ এই ভাষ্যৰ পাছতে অধিৱেশনস্থলীত উপস্থিত ৰাইজ একপ্রকাৰ হতভম্ব হৈ পৰে৷ লক্ষণীয়ভাৱে ইয়াৰ মাজতে একাংশ ছাত্র–কর্মীয়ে আছুৰ সাধাৰণ সম্পাদকজনৰ সপক্ষত জিন্দাবাদ ধ্বনি দিয়াও পৰিলক্ষিত হয়৷

অভাৱনীয় পৰিস্থিতিৰ মাজতে সাধাৰণ সম্পাদক গগৈয়ে সমর্থকসহ মুকলি সভাৰ মঞ্চৰ পৰা বিষয় বাছনি সভা অনুষ্ঠিত হ’বলগীয়া নির্দিষ্ট স্থানলৈ আগবাঢ়ে৷ তেওঁৰ বাহনৰ পিছে পিছে সহস্রাধিক ছাত্র–কর্মীয়ে সমদল কৰি যোৱাও পৰিলক্ষিত হয়৷ ইফালে হঠাতে হোৱা এই ঘটনাৰ পাছত পুনৰ আৰম্ভ হয় মুকলি সভাৰ কার্যসূচী৷ দুলীয়াজান অধিৱেশনতে আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰা ড০ ভট্টাচার্যয়ো ভাষণ ৰাখে৷ মুকলি সভাৰ মাজতে হঠাতে সাধাৰণ সম্পাদক গগৈয়ে আৱেগিক পৰিৱেশ সৃষ্টি কৰাৰ অন্তর্নিহিত উদ্দেশ্য মুখ্য উপদেষ্টা ড০ ভট্টাচার্যৰ কালিৰ প্রতিনিধি সভাৰ বক্তব্য বুলি ব্যাপক চর্চা হৈছে৷

উল্লেখ্য যে দুলীয়াজানত  সমগ্র নিশা প্রতিনিধি সভাৰ অন্তত ড০ ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় – ‘সদৌ অসম ছাত্র সন্থা মোৰ পৰিয়ালৰ দৰে৷ পৰিয়ালৰ সদস্যসকলৰ আগত মুকলিকৈ সকলো কথা কৈ দিছেছা৷ মই দুলীয়াজানলৈ অৱসৰ ল’বলৈ আহিছেছা৷ মই কিন্তু আগৰ পৰাই কৈ আহিছেছা যে শেষ নিশ্বাস থকালৈকে মই আছুৰ প্রতি সেৱা আগবঢ়াই যাম৷ কিন্তু প্রতিনিধি সভাৰ আৰম্ভণিৰ পৰা শেষলৈকে সমগ্র অসমৰ ভাতৃ, বন্ধু আৰু প্রতিনিধিসকলে তেওঁলোকৰ মত খুব স্পষ্ট ভাষাৰে প্রকাশ কৰিলে৷ প্রতিনিধিসকলৰ মতৰ প্রতি মই সন্মান জনাইছেছা৷ বিবেকৰ লগত কথা পাতিবলৈ মোক কিছু সময়ৰ প্রয়োজন হৈছে৷ কিছু সময় দিবলৈ মই অনুৰোধ জনাইছেছা৷ বিবেকৰ লগত কথা পাতিবলৈ মই সময় বিচাৰি অনুমতি বিচাৰিছোঁ৷’

ড০ সমুজ্জ্বল ভট্টাচার্যক লৈ চলি থকা শেহতীয়া আলোচনাৰ মাজতে কালি মাজনিশাৰ পৰা আৰম্ভ হৈছে বিষয় বাছনি সভা৷ এই সভাতে সদৌ অসম ছাত্র সন্থাৰ নতুন কেন্দ্রীয় কার্যনির্বাহক সমিতিখন গঠন কৰা হ’ব৷ আছুৰ পৰৱর্তী নেতা কোন হ’ব, তাক লৈ দুলীয়াজানৰ অধিৱেশনস্থলীত ব্যাপক উৎকণ্ঠাই বিৰাজ কৰিছে৷ এটা কথা ইতিমধ্যে নিশ্চিত হৈছে যে আছু এতিয়া দুটা শিবিৰত বিভক্ত হৈ পৰিছে৷ এটা শিবিৰ লুৰিণজ্যোতি গগৈৰ পক্ষত আৰু আনটো শিবিৰ ড০ সমুজ্জ্বল ভট্টাচার্যৰ পক্ষত৷ লুৰিণজ্যোতি গগৈয়ে মৰিগাঁৱৰ উৎপল শর্মাক পৰৱর্তী সভাপতি আৰু শিৱসাগৰৰ উদ্দীপজ্যোতি গগৈক সাধাৰণ সম্পাদক হিচাপে প্রক্ষেপ কৰাৰ বিপৰীতে ড০ সমুজ্জ্বল ভট্টাচার্যই বিশ্বনাথৰ প্রজ্ঞান ভূঞাক সভাপতি আৰু নলবাৰীৰ ভৱজিৎ বেজবৰুৱাক সাধাৰণ সম্পাদক হিচাপে প্রক্ষেপ কৰিছে৷

পুৱালৈ চলিবলগীয়া এই বৈঠকৰ পাছতহে সংগঠনটোৰ পৰৱর্তী নেতৃত্ব কোনে ল’ব, সেয়া জানিব পৰা যাব৷ ইফালে বিষয় বাছনি সভাৰ পূর্বে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ গেষ্ট হাউছত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱা আৰু একাংশ প্রাক্তন আছু কর্মীয়ে অনানুষ্ঠানিক বৈঠকত মিলিত হোৱা বিষয়টোও চর্চালৈ আহিছে৷

You might also like