নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকিতা দত্তৰ গোচৰৰ ভিত্তিত গুৱাহাটীত চিআইডি কার্যালয়ত শ্রীনিৱাসক জেৰা

বিশেষ বাৰ্তা, ২২ মেঃ প্রদেশ যুৱ কংগ্রেছৰ প্রাক্তন নেত্রী অংকিতা দত্তই দাখিল কৰা গোচৰত অৱশেষত জেৰাৰ সন্মুখীন হ’ল সর্বভাৰতীয় যুৱ কংগ্রেছৰ সভাপতি শ্রীনিবাস বি ভি৷ গুৱাহাটী দিছপুৰ আৰক্ষী থানাত নির্যাতনৰ অভিযোগ তুলি অংকিতা দত্তই দাখিল কৰা গোচৰৰ ভিত্তিত কিছুদিন পূর্বে চিআইডিয়ে কংগ্রেছী নেতাজনক অসম আৰক্ষীৰ ওচৰলৈ আহিবলৈ জাননী জাৰি কৰি সময়সীমা বান্ধি দিছিল৷ কিন্তু গ্রেপ্তাৰৰ ভয়ত অসমলৈ নহা শ্রীনিবাসে অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা অগ্রিম জামিন লৈ আজি গুৱাহাটীত উপস্থিত হয়৷ ইয়াৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্রীনিবাসৰ অগ্রিম জামিন আবেদন নাকচ হৈছিল৷ অসম আৰক্ষীৰ ওচৰত জবানবন্দী দিয়াৰ উদ্দেশ্যে সর্বভাৰতীয় যুৱ কংগ্রেছৰ নেতাজনে গুৱাহাটীত উপস্থিত হৈয়েই পাণবজাৰ মহিলা আৰক্ষী থানাত জেৰাৰ সন্মুখীন হয়৷ প্রায় ডেৰ ঘণ্টাজুৰি আৰক্ষীয়ে কংগ্রেছী নেতাজনক জেৰা কৰাৰ লগতে তেওঁৰ জবানবন্দী গ্রহণ কৰে৷ ইয়াৰ পিছতেই শ্রীনিবাস উপস্থিত হয় চিআইডিৰ কার্যালয়ত৷ চিআইডিয়ে তেওঁক আধা ঘণ্টাজুৰি জেৰা কৰে৷ জেৰাৰ অন্তত শ্রীনিবাসৰ মন্তব্য– ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে৷ আমি ন্যায় পাম৷ ইফালে আজি কামাখ্যা মন্দিৰো দর্শন কৰে শ্ৰীনিবাসে৷

You might also like