দেশৰ স্বাধীনতা দিৱসলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত প্রিয়ম ডি জ্যোৎস্না
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰিছে সাহিত্য চৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা অসমৰ যুৱ প্ৰতিভা প্রিয়ম ডি জ্যোৎস্নাই।
ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অনুমোদনত ভাৰতৰ শিক্ষা মন্ত্রালয়ৰ সহযোগত ৰাষ্ট্ৰীয় পুস্তক ন্যাসে নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে যুৱ লেখক প্রিয়ম ডি জ্যোৎস্নাক।
ঢকুৱাখনাৰ বাসিন্দা প্রিয়ম ডি জ্যোৎস্না বর্তমান কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ গৱেষিকা ছাত্ৰী। নেচনেল বুক ট্রাষ্ট আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনত ভাৰত চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা প্ৰধানমন্ত্ৰীৰ যুৱ মেণ্টৰ আঁচনিৰ অধীনত অসমীয়া ভাষাত প্রিয়ম ডি জ্যোৎস্না নির্বাচিত হৈছিল।কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ বলত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰি ঢকুৱাখনাৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ যুৱ প্ৰতিভা প্রিয়ম ডি জ্যোৎস্নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু নেশ্ব্যনেল বুক ট্রাষ্ট-এ যুটীয়াভাবে আয়োজন কৰা প্ৰধান মন্ত্ৰীৰ যুৱ মেণ্টৰশ্ব্যিপ আঁচনিৰ সৰ্বভাৰতীয় প্রতিযোগিতাত অসমীয়া ভাষাৰ বাবে অসমৰ আন এগৰাকী যুৱ লেখক বিকাশ দিহিঙ্গীয়াৰ সৈতে দেশৰ বিভিন্ন প্রান্তৰ প্ৰায় ষোল্ল হাজাৰ প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত মাত্র ৭৫জনৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে,নতুন দিল্লীৰ বিশ্ব গ্রন্থমেলা-২০২৩ ত ন’বেল বঁটা বিজয়ী সাহিত্যিক এনী আৰনাউৱে প্রিয়ম ডি জ্যোৎস্নাৰ প্ৰথমখন গৱেষণামূলক গ্ৰন্থ ‘অকণ বালা দাস আৰু হাতত লেম্প লৈ ফুৰা অক্লান্ত সংগ্রামীজন’ উন্মোচন কৰিছিল। গৱেষণাৰ সমান্তৰালকৈ সাহিত্য সাহিত্য চৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা প্রিয়ম ডি জ্যোৎস্নাৰ ক’ভিডক কেন্দ্ৰ কৰি লিখা উপন্যাস ‘ৰাঙল’ আৰু ইতিমধ্যে বাতৰিকাকতত প্ৰকাশিত ৰচনাসমূহৰ নিৰ্বাচিত সংগ্ৰহ ‘ভেক্স কিং, লিংকন, মই আৰু সেই ভেকুলীটো’ নামৰ তিনিখনকৈ গ্ৰন্থ প্ৰকাশ পাইছে।
বিশেষ বাৰ্তা, ঢকুৱাখনা, ১৪ আগষ্ট, ২০২৫