নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চ মাহৰ ভিতৰতে এক লাখক নিযুক্তি

বিত্তমন্ত্রী অজন্তা নেওগে দিলে বহু প্রত্যাশিত বতৰা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ নির্বাচনী প্রতিশ্রুতি অনুসৰি চলিত বিত্তীয় বর্ষতে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়া হ’ব চৰকাৰী চাকৰিত৷ আজি এই কথা পুনৰ ঘোষণা কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, ২০২২ চনৰ মার্চ মাহৰ ভিতৰতে এই এক লাখ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰা হ’ব৷ ইয়াৰ বাবে বিত্ত বিভাগে সকলো কাম–কাজ প্রায় সম্পূর্ণ কৰি তুলিছে৷ ইতিমধ্যে মুখ্যমন্ত্রীৰ নির্দেশত গঠন হোৱা নিযুক্তি আয়োগে প্রতিটো বিভাগৰ বিপৰীতে খালী পদসমূহৰ অনুমোদন সংগ্রহ কৰাৰ লগতে প্রতিটো পদৰ বিত্তীয় অনুমোদনো প্রায় সম্পূর্ণ কৰি তুলিছে৷ প্রস্তুতি প্রক্রিয়া সম্পূর্ণ হ’লেই প্রকাশ কৰা হ’ব বিজ্ঞাপন৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দায়িত্ব গ্রহণৰ পাছতেই এক লাখ যুৱক–যুৱতীক চাকৰিত নিযুক্তি দিয়াৰ বাবে সকলো বিভাগকে খালী হৈ থকা পদৰ তালিকা জমা দিয়াৰ নির্দেশ দিছিল৷ সেই অনুসৰি প্রতিটো বিভাগে এই নিযুক্তি প্রক্রিয়াৰ বাবে গঠন কৰা আয়োগৰ ওচৰত তালিকা দাখিলৰ পাছতে আয়োগে এক লাখ পদ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰি তুলিছে৷ লক্ষণীয়ভাৱে এই এক লাখ পদৰ সর্বাধিক পদ আছে অসম আৰক্ষী আৰু শিক্ষা বিভাগত৷ শিক্ষা বিভাগে শেহতীয়াকৈ কেইবাটাও পর্যায়ত টেট সম্পূর্ণ কৰি প্রার্থীৰ তালিকা প্রস্তুত কৰি ৰাখিছে৷ আনহাতে, মুখ্যমন্ত্রীৰ নির্দেশত অহা এসপ্তাহৰ ভিতৰতে আৰক্ষীৰ ৬ হাজাৰ পদৰ বাবে বিজ্ঞাপন জাৰি হ’ব৷ তদুপৰি আন ৭ হাজাৰ পদৰ বাবেও আৰক্ষীয়ে চলিত বিত্তীয় বর্ষতে বিজ্ঞাপন প্রকাশ কৰিব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে৷

সেই অনুসৰিয়েই অহা মার্চ মাহৰ ভিতৰত এক লাখ নিযুক্তিৰ বাবে একপ্রকাৰ সাজু হৈছে ৰাজ্য চৰকাৰ৷ আজি সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহানগৰীত নর্থ–ইষ্ট নেটৱর্কে আয়োজন কৰা এক কর্মশালাত ভাগ লোৱাৰ অন্তত নিযুক্তি প্রক্রিয়া সন্দর্ভত এইদৰে বিস্তৃত তথ্য সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে নিযুক্তি প্রক্রিয়াৰ সকলো কাৰিকৰী আৰু আইনগত দিশ পৰীক্ষা কৰি ইতিমধ্যে আয়োগ সাজু হৈ আছে৷ অহা বর্ষৰ মার্চ মাহৰ ভিতৰতে চৰকাৰে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিবলৈ সক্ষম হ’ব৷ মন্ত্রীগৰাকীয়ে অংগনৱাড়ী কেন্দ্র সন্দর্ভতো কিছু তথ্য সদৰী কৰি জানিবলৈ দি কয় যে ৰাজ্যত নতুনকৈ স্থাপন কৰা হ’ব ৩ হাজাৰ অংগনৱাড়ী কেন্দ্র৷ তদুপৰি অংগনৱাড়ী কেন্দ্রসমূহলৈ যোগান ধৰা খাদ্য নিয়মীয়াকৈ যোগান ধৰিবলৈ প্রতিখন জিলাৰ উপায়ুক্তক নির্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ ক’ভিড মহামাৰীৰ বাবে যোৱা সময়ছোৱাত অংগনৱাড়ী কেন্দ্রৰ খাদ্য যোগান বন্ধ হৈ আছিল৷ তদুপৰি অংগনৱাড়ী কেন্দ্রৰ শিশুক পুষ্টিকৰ খাদ্য যোগান নধৰাৰো অভিযোগ উত্থাপন হৈছিল৷ আজি মন্ত্রী নেওগে এই সন্দর্ভত কয় যে প্রতিখন জিলাৰ উপায়ুক্তক কঠোৰ নির্দেশনা দিয়া হৈছে, যাতে প্রতিটো অংগনৱাড়ী কেন্দ্রৰ শিশুৱে পেকেট কৰা খাদ্য লাভ কৰিব পাৰে৷

ইফালে, মূল্যবৃদ্ধিৰ বাবে খাদ্য যোগানত কোনো প্রভাৱ নপৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ বিৰোধী একাংশ বিধায়কৰ সমষ্টিত কমসংখ্যক অংগনৱাড়ী কেন্দ্রৰ আবণ্টন দিয়া বিষয়টো সন্দর্ভতো মন্ত্রী নেওগে জানিবলৈ দিয়ে যে সকলো বিষয় পৰীক্ষা–নিৰীক্ষাৰ পাছতহে অংগনৱাড়ী কেন্দ্রৰ আবণ্টন হৈছে৷ উল্লেখ্য যে আজিৰ কর্মশালাত নাৰীজনিত অপৰাধ, বিশেষকৈ গার্হস্থ্য হিংসা, যৌতুক নির্যাতন, শাৰীৰিক, যৌন নির্যাতন প্রতিৰোধৰ ক্ষেত্রত বিস্তৃত আলোচনা কৰা হয়৷ সমাজ কল্যাণ মন্ত্রী হিচাপে অজন্তা নেওগে এইক্ষেত্রত প্রতিগৰাকী নাৰীকে নির্যাতন সহ্য কৰাৰ বিপৰীতে ইয়াক প্রতিৰোধ তথা বাধা দিয়াৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

You might also like