নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেপ’ৰেট বৃদ্ধি আৰবিআইৰ; পুুনৰ বৃদ্ধি পাব গৃহ–যান–বাহনৰ ইএমআই

  • ২৫ বেছিছ পইণ্ট বৃদ্ধিৰে ৰেপ’ৰেট ৬.৫ শতাংশ
  • ক্রমাগত ষষ্ঠবাৰৰ বাবে ৰেপ’ৰেট বৃদ্ধি
  • পুুনৰ বৃদ্ধি পাব গৃহ–যান–বাহনৰ ইএমআই

নিয়মীয়া বাৰ্তা,৯ফেব্ৰুৱাৰী: মুদ্রাস্ফীতিৰ প্রতি লক্ষ্য ৰাখি পুনৰ ৰেপ’ৰেট বৃদ্ধি ভাৰতীয় ৰিজার্ভ বেংকৰ৷ মুদ্রা নীতি কমিটীৰ বৈঠকত সর্বসন্মতিক্রমে ২৫ বেছিছ পইণ্ট ৰেপ’ৰেট বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে সংবাদ মেলত ঘোষণা কৰিছে৷ আজি ৰেপ’ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰাত ৰেপ’ৰেটৰ হাৰ ৬.৫ শতাংশলৈ বৃদ্ধি পালে৷ ৰেপ’ৰেট বৃদ্ধি কৰাৰ ফলত গৃহ আৰু যান–বাহনৰ ঋণৰ সুদ বৃদ্ধি তথা ই এম আই বৃদ্ধি পাব৷ ইয়াৰ পূর্বেও ৫বাৰ আৰ বি আয়ে ৰেপ’ৰেট বৃদ্ধি কৰিছিল৷ ২০২২ চনৰ মে’ৰ পৰা আজিলৈকে ক্রমাগত ষষ্ঠবাৰৰ বাবে ৰেপ’ৰেট বৃদ্ধি কৰিলে আৰ বি আয়ে৷ ছয়বাৰ ৰেপ’ৰেট বৃদ্ধি কৰাত মুঠ ২৫০ বেছিছ পইণ্ট বৃদ্ধি পাইছে৷ মুদ্রাস্ফীতি নিম্নগামী নোহোৱালৈকে ৰেপ’ৰেট বৃদ্ধি কৰি আৰ বি আয়ে দেশৰ অর্থনীতিক সুস্থিৰ কৰি ৰাখিবলৈ গ্রহণ কৰা পদক্ষেপে বেংকৰ পৰা ঋণ লোৱা গ্রাহকক অস্বস্তিত পেলাইছে৷ আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে প্রকাশ কৰা মতে বিশ্বজুৰি বিগত তিনি বছৰ ধৰি অকল্পনীয় ঘটনাই মুদ্রা নীতিক পৰীক্ষণৰ মাজত সোমাই লৈছে৷ মুদ্রাস্ফীতি নিয়ন্ত্রণ আৰু অর্থনৈতিক কার্যকলাপক সমর্থন কৰিবলৈ গৈ উজ্জীৱিত বজাৰ অর্থনীতিয়ে কঠোৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ নীতিক সক্ষম কৰি ৰাখিবলৈ আৰ বি আয়ে ৰেপ’ৰেট বৃদ্ধি কৰিবলগীয়া হৈছে৷ আৰ বি আয়ে ২০২৩–২৪ বর্ষৰ কাৰণে প্রকৃত জি ডি পি বিকাশৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷ গৱর্নৰ দাসে প্রকাশ কৰা মতে ২০২৩–২৪ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত জি ডি পি ৭.৮ শতাংশ, দ্বিতীয় ত্রৈমাসিকত ৬.২ শতাংশ, তৃতীয় ত্রৈমাসিকত ৬ শতাংশ আৰু চতুর্থ ত্রৈমাসিকত ৫.৮ শতাংশ হ’ব৷ অর্থাৎ বিত্তীয় বর্ষটোত ৬.৪ শতাংশ জি ডি পি হাৰৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰ বি আয়ে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক সমীক্ষাত ২০২৩–২৪ বিত্তীয় বর্ষত দেশৰ বিকাশৰ হাৰ ৬–৬.৮ শতাংশ সম্ভাৱনা প্রকাশ কৰিছে৷

You might also like