অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনছাৰ সমীপৰ লাজুত অৱস্থিত আছাম ৰাইফলছৰ এটা শিবিৰত আজি পুৱা প্ৰায় ৪ বজাত উগ্ৰপন্থী সংগঠনে স্বয়ংক্ৰিয় অস্ত্ৰ হস্তৰে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰণিধানযোগ্য যে কিছুদিন আগতে ম্যানমাৰৰ আলফা শিবিৰত ৰহস্যজনক আক্ৰমণ কাণ্ড সংঘটিত হোৱাৰ পিছত সমাগত স্বাধীনতা দিৱস উত্তৰ পূৰ্বাঞ্চলত ৰক্তাক্ত হব বুলি চোৰাংচোৱাৰ তথ্য থকাৰ সময়তে লাজুৰ সমীপৰ নঙলো বস্তিত থকা আছাম ৰাইফলছৰ এই শিবিৰটোত সন্দেহযুক্ত আলফা আৰু এন এছ চি এন উগ্ৰপন্থীয়ে যুটীয়া ভাৱে আক্ৰমণ চলায়।
মনকৰিবলগীয়া যে একেবাৰে ভাৰত ম্যানমাৰ সীমান্তত অৱস্থিত এই শিবিৰটোত পুৱা ৪টা বজাতে উগ্ৰপন্থী সংগঠন দুটাই এই ভয়াৱহ আক্ৰমণ চলায় যদিও স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনী সষ্টম হৈ থকাত তেওঁলোকেও কিছু সময় ভিতৰতে পৰিস্থিতি চম্ভালি লৈ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হোৱাত অৱশেষত আক্ৰমনকাৰী উগ্ৰপন্থী কেইজন পলায়ন কৰিবলৈ বাধ্য হয়।
আনহাতে এই আক্ৰমণৰ সময়তে নিৰাপত্তা বাহিনীয়ে ড্ৰোন ব্যৱহাৰ কৰি পৰিস্থিতি নিৰীক্ষণ কৰাত কেইবাজনো উগ্ৰপন্থী ম্যানমাৰ দিশে পলায়ন কৰাত এই আক্ৰমনটো ম্যানমাৰৰ পৰা সংঘটিত হৈছিল বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে উগ্ৰপন্থীৰ এই আক্ৰমণত নিৰাপত্তা বাহিনীৰ কোনো লোক হতাহঁত হোৱাৰ তথ্য বাতৰি প্ৰেৰণ কৰা পৰলৈকে লাভ কৰা হোৱা নাই। ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো বেৰি লৈ উগ্ৰপন্থীৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে।
বিশেষ বার্তা, নাহৰকটীয়া, ৯ আগষ্ট, ২০২৫