উৰিয়ামঘাটত পুনৰুদ্ধাৰ কৰা ভূমিত ১৫,০০০ উৰিয়াম গছৰ ৰোপণ
ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পুনৰুদ্ধাৰ কৰা অঞ্চলসমূহক প্ৰাকৃতিক সেউজীয়া আৱৰণলৈ ঘূৰাই অনাৰ এক বৃহৎ পদক্ষেপ হিচাপে আজি উৰিয়ামঘাটৰ সোণাৰিবিলত বৃহৎ পৰিসৰৰ বৃক্ষৰোপণ অভিযান আৰম্ভ কৰা হয়।
৩০ জুলাইৰ পৰা চলি থকা সফল উচ্ছেদ অভিযানৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে, য’ত সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ১০ হাজাৰ বিঘাত বিস্তৃত প্ৰায় ৪ হাজাৰ অবৈধ গৃহ উচ্ছেদ কৰা হৈছে। সোণাৰিবিলৰ পৰা আৰম্ভ হোৱা এই বৃক্ষৰোপণ কাৰ্যসূচী অন্যান্য পুনৰুদ্ধাৰ কৰা স্থানসমূহলৈ সম্প্ৰসাৰিত হ’ব, যাৰ লক্ষ্য হ’ব বন পৰিৱেশ তন্ত্ৰক সজীৱ কৰি তোলা আৰু ভূমিৰ দীৰ্ঘম্যাদী সুৰক্ষা নিশ্চিত কৰা।
অনুষ্ঠানত বিশেষ মুখ্য সচিব এম. কে যাদৱ; গোলাঘাট জিলাৰ জিলা আয়ুক্ত; গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক; অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক, অসম; ডি আই জি, চি আৰ পি এফ; আৰু অসম বন বিভাগ, গোলাঘাট জিলা প্ৰশাসন, অসম আৰক্ষী আৰু চি আৰ পি এফৰ উচ্চপদস্থ বিষয়াৰ লগতে স্থানীয় জনগোষ্ঠীৰ লোকসকল উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে বড়ো সম্প্ৰদায়ৰ সদস্যসকলে “বাথৌ আৰোছ” পৰিবেশন কৰে, তাৰ পিছত পৰম্পৰাগত বাগৰুম্বা নৃত্য পৰিবেশন কৰে। সাংস্কৃতিক খণ্ডৰ পিছত প্ৰায় ১৫,০০০ উৰিয়াম গছৰ গছপুলি ৰোপণ কৰা হয়।
উক্ত অনুষ্ঠান ভাষণ দি বিশেষ মুখ্য সচিব এম.কে. যাদৱে কয় যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত ৰেংমা সংৰক্ষিত বনাঞ্চলত ১৪০০ হেক্টৰ মাটি মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে পুনৰুদ্ধাৰ ভূমিত চলি থকা এই বৃক্ষৰোপণ অভিযান ২৩ ছেপ্টেম্বৰলৈকে চলি থাকিব।
গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তই এই অনুষ্ঠানক উৰিয়ামঘাটৰ বাবে এক নতুন আৰম্ভণি বুলি অভিহিত কৰি আগন্তুক পাঁচ বছৰৰ ভিতৰত ইক’-টুৰিজিমৰ গন্তব্যস্থান হিচাপে অঞ্চলটো গণ্য হোৱাৰ সম্ভাৱনাক লৈ আশা প্ৰকাশ কৰে। বিস্তৃত ব্যৱস্থা আৰু চৰকাৰী সংস্থা আৰু স্থানীয় জনগোষ্ঠীৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠানটো সম্পন্ন কৰা হয়।
স্থানীয় জনগোষ্ঠীয় সদস্যসকলে এই পদক্ষেপক আদৰণি জনাই বনাঞ্চলৰ ভূমি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়োৱা নেতৃত্বৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে পুনৰ উদ্ধাৰ কৰা ভূমি সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ অবিৰত সহযোগিতা আৰু ৰেংমা সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰাৰ লক্ষ্যৰে ভৱিষ্যতে কৰা সকলো পদক্ষেপক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
উৰিয়ামঘাটৰ পৰা নবীন বৰা, নিয়মীয়া বাৰ্তা, ৯ আগষ্ট, ২০২৫