অক্টোবৰত গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন, সূচী ঘোষণা
বিশ্ব বেডমিণ্টন ফেডাৰেচনে অহা ৬ৰ পৰা ১১ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হ’বলগীয়া বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ-২০২৫ ৰ সূচী ঘোষণা কৰিছে৷
সুহান্দিনাটা কাপ (মিক্সড টিম ইভেণ্ট) ৰূপে পৰিচিত জুনিয়ৰ বিশ্বকাপ বেডমিণ্টনত ৰেংকিঙৰ দ্বিতীয় স্থানপ্ৰাপ্ত আয়োজক দেশ ভাৰতে গ্ৰুপ ‘এইচ’ত হংকং চীন, নেপাল আৰু ঘানাৰ স’তে স্থান লাভ কৰিছে৷ মুঠ ৩৭ খন দেশে দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰতিযোগিতাখনৰ দলসমুহক আঠটা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব৷
ঘোষিত সূচী অনুসৰি থাইলেণ্ড, ডেনমাৰ্ক, শ্লোভেনিয়া, কুক দ্বীপপুঞ্জ গ্ৰুপ ‘এ’ত থকাৰ বিপৰীতে গ্ৰুপ ‘বি’ত আছে- চাইনিজ টাইপেই, ইউ এ ই, কানাডা, ইংলেণ্ড আৰু নৰৱে৷ গ্ৰুপ ‘চি’ স্থান লাভ কৰিছে ইণ্ডোনেছিয়া, তুৰস্ক, ৰোমানিয়া আৰু নেদাৰলেণ্ডে৷ আনহাতে, গ্ৰুপ ‘ডি’ পোলেণ্ড, আমেৰিকা, হাংগেৰী, আয়াৰলেণ্ড, ফিলিপাইনছ থকাৰ বিপৰীতে গ্ৰুপ ‘ই’ত আছে চীন, জাপান, ছিংগাপুৰ, ব্ৰাজিল আৰু ভূটান৷ গ্ৰুপ এফত স্থান লাভ কৰিছে মালয়েছিয়া, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, শ্লোভাকিয়া তথা ভিয়েটনামে৷ আনহাতে, গ্ৰুপ ‘জি’ত আছে ফ্ৰান্স, কোৰিয়া, পৰ্তুগাল, ইজিপ্ত আৰু উগাণ্ডা৷
২০০৮ চনৰ পিছত পুনৰ ভাৰতত জুনিয়ৰ বিশ্বকাপ বেডমিণ্টন অনুষ্ঠিত হ’ব৷ ইফালে, বিশ্বকাপত খেলিব লগা ভাৰতীয় দলটো বাচনি কৰিবলৈ আজিৰে পৰা গুৱাহাটীত ভাৰতীয় দলৰ শিবিৰ আৰম্ভ হৈছে৷ আমিনগাৱত অহা ১৩ আগষ্টলৈ এই শিবিৰ চলিব৷
উল্লেখ্য যে চলিত বৰ্ষৰ এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপত পদক বিজয়ী শ্বাটলাৰসকলে প্ৰত্যক্ষভাবে দলত স্থান লাভ কৰাৰ বিপৰীতে গুৱাহাটীৰ শিবিৰৰ পৰা বাকী খেলুৱৈ নিৰ্বাচন কৰা হ’ব৷ মিক্সড দলীয় সুহান্দিনাটা কাপৰ পাছতেই গুৱাহাটীতে অহা ১৩ ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ একক শাখাৰ প্ৰতিযোগিতা৷
Niyomiya Barta Desk, 9 August, 2025