নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NASAৰ ভয়ংকৰ প্ৰতিবেদনঃ বিগত ৩০ বছৰত বৃদ্ধি পাইছে সাগৰৰ জলপৃষ্ঠ

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল:  সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাটোৱে বহু সৰু সৰু দ্বীপ আৰু বহু দেশৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ নাছাৰ এক মূল্যায়নত দেখা গৈছে যে যোৱা ৩০ বছৰত সাগৰৰ জলপৃষ্ঠ ৯ চে.মি.তকৈ অধিক বৃদ্ধি পাইছে। ৯ চে.মি. শুনাত কম যেন লাগে, কিন্তু সাগৰৰ জলপৃষ্ঠ এনেকৈ বৃদ্ধি হোৱাটো আচলতে এক বেয়া খবৰ।

যাৰ ফলত বিশ্বৰ বৃহৎ চহৰবোৰলৈ ভাবুকি আহিছে।
বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ শেহতীয়া প্ৰতিবেদনতো সমুদ্ৰপৃষ্ঠ বৃদ্ধিৰ সন্দৰ্ভত সকীয়াই দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে বিশ্বৰ ডাঙৰ ডাঙৰ চহৰ যেনে মুম্বাই, চাংহাই, ঢাকা, বেংকক, জাকাৰ্টা, মাপুটো, নিউয়ৰ্ক, লছ এঞ্জেলছ, বুয়েনছ আয়াৰ্ছ, চেণ্টিয়াগো, কায়ৰো, লণ্ডন আৰু কোপেনহেগেন বিপদত পৰিছে।

জলপৃষ্ঠ বৃদ্ধিৰ ফলত ভাৰত কিমান প্ৰভাৱিত হৈছে?

বিশ্ব বতৰ বিজ্ঞান সংস্থাইও নিজৰ প্ৰতিবেদনত ভাৰতৰ বিষয়ে সকীয়াই দিছে। প্রতিবেদনত কোৱা হৈছে যে সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ভাৰততো যথেষ্ট বিপদত পৰিছে৷ প্ৰতিবেদন অনুসৰি ভাৰতৰ মুম্বাই চহৰখনেই আটাইতকৈ বেছি বিপদত পৰিছে। ২০২১ চনত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেলে (আই পি চি চি) প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনৰ ভিত্তিত আৰ এম এছ আইয়ে অনুমান কৰিছে যে ২০৫০ চনৰ ভিতৰত মুম্বাই, চেন্নাই, বিশাখাপট্টনম, তিৰুৱনন্তপুৰম, কোচিকে ধৰি বহু চহৰ সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ডুব যাব পাৰে। গতিকে সাগৰৰ জলপৃষ্ঠ বৃদ্ধিক সহজভাৱে ল’ব নোৱাৰি।

You might also like