নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীত শিল্পী তৰালি শর্মাৰ ‘ডেউকা’ৰ তৃতীয়টো গীত মুকলি

🔹 ৰাহুল গৌতম শর্মাৰ হৃদয়স্পর্শী কথাৰে ‘উপমাৰ সিপাৰে’

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : সংগীত শিল্পী তৰালি শর্মাৰ শেহতীয়া এলবাম ‘ডেউকা’ৰ তৃতীয়টো গীত ‘উপমাৰ সিপাৰে’ আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ৰ প্রেক্ষাগৃহত মুকলি কৰা হয়। গুৱাহাটী মহানগৰৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র–ছাত্রীৰ সৈতে সংগীত বিষয়ক বার্তালাপ অনুষ্ঠানৰ মাজেৰে Windsongs সংগীত লেবেলৰ বেনাৰত গীতটি মুকলি কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট অভিনেত্রী ডাঃ জাহানাৰা বেগম। তেওঁ তৰালি শর্মাৰ সুৰীয়া যাত্রা সম্পর্কে ছাত্র–ছাত্রীসকলৰ সৈতে ভাব বিনিময় কৰে। গীতটিৰ কণ্ঠ, সুৰ আৰু সংগীত তৰালি শর্মাৰ নিজৰ। হৃদয়স্পর্শী কথাৰে গীতটি ৰচনা কৰি উলিয়াইছে ৰাহুল গৌতম শর্মাই। সংগীত ব্যৱস্থাপনা কৰিছে প্রশান্ত শহকীয়াই আৰু ‘এডিচনেল প্রগ্রেমিং’ দীপকেশ বৰগোহাঁই, অভিনৱ বৰা আৰু ঈশানু শর্মাৰ। ইয়াৰ উপৰি গীতটিত আৱহ কণ্ঠ প্রদান কৰিছে অৰূপজ্যোতি বৰুৱাই। পণ্ডিত লোকেশ আনন্দৰ শ্বেহনাঈ, ৰাজা বৰুৱাৰ তবলা, অঞ্জন মেধিৰ বাঁহী আৰু জিণ্টু বৰদলৈৰ বাচ্ গীটাৰে গীতটিত সাংগীতিক প্রাণ প্রদান কৰিছে। গুৱাহাটীৰ ষ্টুডিঅ’ ড্রীমছত ৰিপুঞ্জয় শর্মাই বাণীবন্ধন কৰা গীতটিৰ বাণীবন্ধনৰ পৰিচালনা আৰু শব্দ সংমিশ্রণ জিণ্টু বৰদলৈৰ। দৃশ্যৰ ক্ষেত্রখনত অনুপ বৰুৱাৰ পৰিকল্পনা আৰু পৰিচালনাত চিনেমাট’গ্রাফাৰ চন্দ্র কুমাৰে নিপুণভাৱে বন্দী কৰা আৰু মানস কাশ্যপে সম্পাদনা কৰা ভিডিঅ’টিয়ে আকর্ষণীয় ৰূপ লৈছে। ভিডিঅ’টিত তৰালি শর্মা আৰু বিষুনাথৰ অভিনয়ে আৱেগৰ অনুৰণন ঘটাইছে। কেলিগ্রাফীত অনুপ দত্ত, স্থিৰচিত্রত অলকেশ বৰুৱা আৰু পোষ্টাৰত সৌৰভ হাজৰিকাৰ অতিৰিক্ত অৱদানৰ লগতে গীতটিৰ ভিডিঅ’ মেকআপ আৰু পোষ্টাৰ মেকআপত সহায় কৰিছে ক্রমে প্রাঞ্জল প্রতিম কাশ্যপ আৰু হিৰণ্য ৰঞ্জনে।

You might also like