নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত দীপৰ বিল সংক্ৰান্তীয় পৰ্যালোচনা বৈঠক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

🔹 বিলখনৰ চাৰিওফালে পদপথ, চাইকেল ট্ৰেকৰ লগতে সুন্দৰকৈ সজোৱাৰ চিন্তাচৰ্চা

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কামৰূপ (মহানগৰ) জিলাৰ প্ৰশাসনীয় বিষয়াৰ উপস্থিতিত দীপৰ বিল সংক্ৰান্তীয় এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয় । বৈঠকত গুৱাহাটীৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিলক সুৰক্ষিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকী বদ্ধপৰিকৰ বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই বিষয়াসকলক দীপৰ বিলৰ চাৰিওকাষে মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক অধ্যয়ন কৰিবলৈ নিৰ্দেশনা দিয়ে । উল্লেখ্য যে বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰি দীপৰ বিলক কেন্দ্ৰ কৰি এক পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে চাৰিওকাষে মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰি আছে ।

বিলখনৰ চাৰিওফালে পদপথ, চাইকেল ট্ৰেক আদিৰ লগতে বিলখনক সুন্দৰকৈ সজাই তাত নাও চলোৱা আদি সুবিধা কৰাৰ বিষয়েও চিন্তা কৰি থকা হৈছে। আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীয়ূষ হাজৰিকাই বিভাগীয় অভিযন্তাক জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে যুটীয়াভাৱে বিলৰ চাৰিওদিশে কৰিব লগা নিৰ্মাণকাৰ্যৰ ভূমিৰ কামসমূহৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে | পৰ্যায়ক্ৰমে দীপৰ বিলৰ চাৰিওদিশে মাটিৰ কামসমূহ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে | এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ চলি থকা কামসমূহৰো অগ্ৰগতিৰ বুজ লয় । আজিৰ বৈঠকত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী, বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকল উপস্থিত আছিল |

You might also like