নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কূটাঘাতৰ চেষ্টা ! ১৫ আইছিছ জেহাদীক গ্রেপ্তাৰ

🔹 কর্ণাটক–মহাৰাষ্ট্রৰ ৪৪ স্থানত ‘নিয়া’ৰ তালাচী : নগদ ধন, আগ্নেয়াস্ত্র জব্দ

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : মধ্যপ্রাচ্যৰ কুখ্যাত সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া (আইছিছ)ৰ জাল বিয়পি পৰিছে ভাৰতৰ বিভিন্ন ৰাজ্যত৷ আজি ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই কর্ণাটক আৰু মহাৰাষ্ট্রৰ ৪৪টা স্থানত তালাচী চলাই ১৫জন আইছিছ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷ মহাৰাষ্ট্রৰ পাডঘা–ব’ৰিভালি, থানে, মিৰা ৰোড আৰু পুনেত তালাচী চলোৱাৰ উপৰি কর্ণাটকৰ বেংগালুৰুৰ বিভিন্ন স্থানত তালাচী চলায়৷ উল্লেখনীয় যে সন্ত্রাসবাদক উচটনি দিয়া আৰু সন্ত্রাসমূলক কাম–কাজত জড়িত থকাৰ অভিযোগত এই ১৫গৰাকী লোকক গ্রেপ্তাৰ কৰা হৈছে৷ দীর্ঘদিনৰে পৰা আইছিছৰ সমর্থক হিচাপে এই লোকসকলে দেশত সন্ত্রাসবাদী সংগঠনটোৰ সাংগঠনিক ভেটি বিস্তাৰৰ চেষ্টা চলাই আহিছে৷ ‘নিয়া’ই লাভ কৰা তথ্য অনুসৰি দেশৰ বিভিন্ন স্থানত কূটাঘাতী কাণ্ড সংঘটিত কৰাৰ বাবে চেষ্টা চলাই আহিছে আইছিছে৷ এনে চেষ্টা ব্যর্থ কৰাৰ বাবে ‘নিয়া’ই দুয়োখন ৰাজ্যত তালাচী আৰম্ভ কৰে৷ এই তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ নগদ ধন, আগ্নেয়াস্ত্র, আপত্তিজনক নথি–পত্র, স্মার্ট ফোন তথা ডিজিটেল ডিভাইচ জব্দ কৰে ‘নিয়া’ৰ তদন্তকাৰী বিষয়াই৷ যোৱা মাহত পুনেৰ ৭গৰাকী লোক আইছিছত জড়িত থকা বুলি ‘নিয়া’ই এক চার্জশ্বীট দাখিল কৰিছিল৷

You might also like