নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বান-খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

🔹 পীয়ূষ হাজৰিকা অত্যন্ত কৰ্মদক্ষ, ফিল্ডত গৈ কাম কৰা মানুহ- বিধায়ক অখিল গগৈ

🔹 খহনীয়া প্ৰতিৰোধৰ বাবে পুঁজি আবণ্টনৰ প্ৰতিশ্ৰুতি

নিয়মীয়া বাৰ্তা,  ৩ ছেপ্টেম্বৰ : প্ৰখৰ উত্তাপৰ মাজতে মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি বানে ধোৱা শিৱসাগৰত উপস্থিত হৈ শিৱসাগৰৰ নৈপৰীয়া খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। আজি শিৱসাগৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ, দিখৌ আৰু দৰিকা নদীৰ বান-খহনীয়া পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দিচাংমুখ অঞ্চলৰ ৰাইজৰ কিছু অসুবিধা আছে, এই অসুবিধাসমূহ বৰ ডাঙৰো নহয়। সমাধান কৰাৰ চেষ্টা কৰা হ’ব । ছশ মিটাৰমান দিচাংমুখ অফলা অঞ্চলৰ খহনীয়া ৰোধ কৰিলে সমস্যা সমাধান হ’ব বুলি ৰাইজে প্ৰকাশ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে এই ছশ মিটাৰ খহনীয়াৰ যি সমস্যা আছে, ইয়াক চৰকাৰে সমাধান কৰিব । য’ত য’ত খহনীয়া হৈছে, তেনে অঞ্চলত বাৰিষাৰ সময়ত অস্থায়ী হিচাপে মেৰামতিৰ কাম কৰা হয় আৰু খৰালিৰ সময়ত এই কামসমূহ স্থায়ী হিচাপে কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ সমান্তৰালভাৱে জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি শেনচোৱা গাওঁ, দিচাংমুখ ফেৰী ঘাট, চেৰেকাপাৰৰ দিখৌ মথাউৰি আৰু দৰিকা মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। আনহাতে, আজি জলসম্পদ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মন্ত্ৰীগৰাকীক সংগ দি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শিৱসাগৰৰ দিখৌ নদী দুবাৰকৈ মথাউৰিৰ ওপৰেদি বাগৰিছে। দৰিকা নদীয়েও সম্পূৰ্ণ কোঁৱৰপুৰ মৌজাটোকেই শেষ কৰি পেলাইছে। দিচাং নদীয়েও একেই অৱস্থা কৰিছে। সেয়ে বিধায়কগৰাকীৰ আমন্ত্ৰণত মন্ত্ৰী পীয়ূষ হাজৰিকাই নৈপৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি দুটা মূল প্ৰতিশ্ৰুতি দি গৈছে বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰতিশ্ৰুতি দুটাৰ ভিতৰত দিখৌ আৰু দিচাং নদীৰ দুয়োটা মথাউৰিৰ সবলীকৰণ কৰা হ’ব। ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰায় ২০ কোটি টকা প্ৰদান কৰাৰ অনুমোদন জনাইছে বুলি অখিল গগৈয়ে সদৰী কৰে। লগতে মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা পদক্ষেপক বিধায়ক অখিল গগৈয়ে প্ৰশংসা কৰে। মন্ত্ৰী হাজৰিকাক প্ৰশংসা কৰি বিধায়ক অখিল গগৈয়ে কয়- ‘পীয়ূষ হাজৰিকা অত্যন্ত কৰ্মদক্ষ, ফিল্ডত গৈ কাম কৰা মানুহ। তেওঁ বিধানসভাত ফিল্ডৰ কথাবোৰ সঠিকভাৱে উত্থাপন কৰিব পাৰে।’

জলসম্পদ মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত বিজেপিৰ থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ লগতে বিজেপি আৰু ৰাইজৰ দলৰ বহুসংখ্যক কৰ্মী উপস্থিত থাকে। আনহাতে, আজি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ভ্ৰমণৰ পাছত শিৱসাগৰ আৱৰ্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে আজি ভ্ৰমণকালত মন্ত্ৰী পীয়ূষ হাজৰিকাই শিৱসাগৰ সমষ্টিৰ বান-খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ সদৰী কৰে। সেই অনুসৰি ওপৰ নাজিৰাৰ পৰা এটি ৰোডলৈ দিখৌ নদীৰ ৯.৫ কি:মি: মথাউৰি সবলীকৰণত ১৩.১০ কোটি টকা, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ পৰা নামদাং আউটফললৈ ৮.৪ কি:মি: মথাউৰি সবলীকৰণৰ বাবে ১১.২৩ কোটি টকা, দিচাংমুখৰ পৰা দিখৌমুখলৈ ব্ৰক্ষ্মপুত্ৰ নদীৰ মথাউৰি সুৰক্ষাৰ বাবে দিচাংমুখত ৫.৯৭ কোটি টকাৰ খহনীয়া প্ৰতিৰোধ আঁচনি আৰু মণিপুৰী বস্তিৰ পৰা এ টি ৰোডলৈ দিখৌ নদীৰ মথাউৰি সুৰক্ষাৰ বাবে ২.৯২ কোটি টকাৰ খহনীয়া প্ৰতিৰোধ আঁচনি প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।তদুপৰি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে শিৱসাগৰ সমষ্টিৰ লগতে থাওৰা (ডিমৌ) আৰু আমগুৰি সমষ্টিৰ ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাৰণে ২৪.৫ কি:মি:জোৰা ২৮৭.২১ কোটি টকাৰ বিশ্ব বেংকৰ আৰ্থিক সাহায্যত ল’বলগীয়া প্ৰতিৰোধ আঁচনিখনৰ কাম ২০২৪ চনৰ পৰা আৰম্ভ কৰিব বুলি আজি গগৈয়ে সংবাদ মেলত জানিবলৈ দিয়ে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like