নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল বঢ়মপুৰৰ চন্দ্ৰিকা বৰদলৈ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ :  নগাঁও জিলাৰ বঢ়মপুৰৰ চন্দ্ৰিকা বৰদলৈয়ে কলকাতাত অনুষ্ঠিত চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই সৌন্দৰ্য্য প্ৰতিযোগিতাত ২০২৩ বৰ্ষৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰি সৃজনশীল প্ৰতিভাৰে নগাঁৱলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ বঢ়মপুৰ আমনি নিবাসী তথা ভাস্কৰ বৰদলৈ আৰু জাহ্নৱী বৰদলৈৰ ১২ বছৰীয়া একমাত্ৰ কন্যা চন্দ্ৰিকা বৰদলৈ। বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী চন্দ্ৰিকাই ২৬ আগষ্টত ” সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্ট”ৰ দ্বাৰা আয়োজিত “চাইন এণ্ড টাজ কলকাতা চিজন ৱান”ৰ “মিছ কিডছ” বি শাখাত সগৌৰৱেৰে দখল কৰিছে বিজয়ী খিতাপ। চন্দ্ৰিকাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী । কেৱল সেয়াই নহয়, পঢ়াৰ মাজতে মোবাইল ফোনৰ জৰিয়তে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কলকাতাত অনুষ্ঠিত উক্ত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ মডেলিংত বিজয়ী খিতাপ দখল কৰিছে । সৌন্দৰ্য্যৰ দিশত চন্দ্ৰিকাই ইতিমধ্যে বহুকেইটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ গুৱাহাটীৰ বিশিষ্ট মডেলিং তথা মিছেছ এমপ্ৰেছ আৰ্থ, মিছেছ কুইন ইউনিভাৰ্ছ, মিছেছ ইণ্ডিয়া হিচাপে পৰিচিত সাগৰিকা ৰয়ে কলকাতাত আঁত ধৰা সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগীসকলক হৰুৱাই সফলতা অৰ্জন কৰা চন্দ্ৰিকা বৰদলৈক লৈ গৌৰৱবোধ কৰিছে ৰাইজে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like