নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈৰ মিছা অভিযোগক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (X)যোগে কৰা এক মন্তব্যক লৈ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে। গৌৰৱ গগৈয়ে এখন বিদ্যালয়ত সংঘটিত হোৱা এটা ঘটনাক ভুলবশতঃ নলবাৰী সমষ্টিৰ সৈতে সংযোগ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক লক্ষ্য কৰি দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্ট কৰি দিয়ে যে উক্ত ঘটনাটো নলবাৰীত নহয়, বৰঞ্চ টিহু সমষ্টিতহে সংঘটিত হৈছিল।

তেওঁ কয় যে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিৰ দৰে দায়িত্বশীল পদত থকা ব্যক্তি এজনে ন্যূনতম নিৰ্বাচনী আৰু ভৌগোলিক তথ্য পৰীক্ষা নকৰাকৈ এনেধৰণৰ দাবী কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। এই কথাই তেওঁৰ যে জ্ঞানৰ যথেষ্ট অভাৱ সেয়াই আচলতে প্ৰতিফলিত কৰে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিষয়টোত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তেওঁ কয় যে অসম আৰক্ষীয়ে অলপো বিলম্ব নকৰাকৈ এই ঘটনাটোৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰিছে আৰু আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ পুনৰ নিশ্চিত কৰে যে চৰকাৰ সমগ্ৰ অসমত শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি তথা সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু নাগৰিকৰ নিৰাপত্তা বৰ্তাই ৰাখিবলৈ সদায় সংকল্পবদ্ধ।

গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগসমূহ খণ্ডন কৰি মন্ত্ৰী বৰুৱাই কয় যে অসমক এনে এক নেতৃত্বৰ প্ৰয়োজন যিয়ে তথ্যক সন্মান কৰে, দায়িত্বশীলভাৱে কাম কৰে আৰু সাংবিধানিক মূল্যবোধক ঊৰ্ধ্বত ৰাখে। ভুল তথ্যৰ আধাৰত সিদ্ধান্ত লোৱা আৰু ছ’চিয়েল মিডিয়াত বিচাৰ (social media trials) চলোৱা নেতাৰ পৰিৱৰ্তে অসমক দায়িত্বশীল জনপ্ৰতিনিধিৰ প্ৰয়োজন।

উল্লেখ্য যে পৱিত্ৰ বৰদিনৰ প্ৰাক মুহুৰ্তত নলবাৰীত উদ্ভণ্ডালি চলাইছিল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ চাৰিগৰাকী নেতাই। পৱিত্ৰ বৰদিনৰ প্ৰাকমুহুৰ্তত অৰ্থাৎ বুধবাৰে খ্ৰীষ্টমাষ্টৰ সামগ্ৰী বিক্ৰীত বাধা আৰোপ কৰি নলবাৰী চহৰত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ এটা দলে অভিযান চলাই সামগ্ৰী লণ্ড ভণ্ড কৰি পেলায়। দলটোৱে নলবাৰীৰ শনিৰোডত থকা চেইন্ট মেৰিজ স্কুলত অভিযান চলাই স্কুলৰ সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে বেনাৰ প’ষ্টাৰ ফালি স্কুল চৌহদতেই জ্বলাই দিয়ে।চিঙি-ভাঙি দলিয়ালে খ্ৰীষ্টমাছৰ বাবে ওলোমাই থোৱা লাইটৰ মালা। উদণ্ড দলটোৱে স্কুলৰ যীশু খ্ৰীষ্টৰ মুৰ্তি পৰ্যন্ত দলিয়াই পেলাৰ লগতে দলটোৱে স্কুলৰ বাহিৰৰ দেৱালত আৰি দি থোৱা কৃতি শিক্ষাৰ্থীৰ ফটো সম্বলিত পৰীক্ষাৰ ফলাফলৰ ফ্লেস্কপৰ্যন্ত ফালি চিৰি ‘জয় শ্ৰী ৰাম’ ধ্বনী দিয়ে। হিন্দুত্ববাদী নেতা বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপ সভাপতি মানস পাটগিৰি, সম্পাদক ভাস্কৰজ্যোতি ডেকা, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সমন্বয়ক নয়ণমণি তালুকদাৰক জেললৈ প্ৰেৰণ কৰিছে।

ইয়াৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত টুইট কৰিছিল যে নলবাৰীৰ এখন বিদ্যালয়ত উৎসৱ-সম্পৰ্কীয় সামগ্ৰী আৰু ধৰ্মীয় প্ৰতীক অপবিত্ৰ কৰা ঘটনাটোক মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। বৰ্তমানৰ বিধায়কজনেই জল জীৱন মিছন (JJM) আঁচনিত সংঘটিত বৃহৎ দুৰ্নীতিত জড়িত থকা মন্ত্ৰী। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এজন ঘনিষ্ঠ সহযোগী। শেহতীয়া সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছ নেতৃত্বাধীন জল জীৱন মিছন কেলেংকাৰিক লৈ চলা প্ৰতিবাদৰ পাছত, সেই বিজেপি মন্ত্ৰীজনে নিজৰ দলৰ ভিতৰত অৱস্থান পুনৰ মজবুত কৰিবলৈ ভিএইচপি আৰু বজৰং দলৰ সহায় লোৱাৰ প্ৰয়োজন অনুভৱ কৰিছে।

ইয়াৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুনৰ ৰি-টুইট কৰি প্ৰত্যাহ্বান জনাই কয় যে গৌৰৱ গগৈ, অলপ গৃহকাৰ্য কৰিলে বহু দূৰ আগবাঢ়িব পৰা যায়। অসমৰ নেতৃত্ব লোৱাৰ আকাংক্ষা থকা আৰু লোকসভাত বিৰোধী দলৰ উপ-দলপতি পদত থকা এজন ব্যক্তিৰ পৰা এনে আশা কৰা নাযায় যে সাধাৰণ নিৰ্বাচনী আৰু ভৌগোলিক তথ্যসমূহো আপোনাৰ হাতত নাথাকে। আপোনাক স্পষ্ট কৰি দিবলৈ ক’ব বিচাৰোঁ যে আপুনি যি ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া জনাইছে, সেই ঘটনাটো টিহু সমষ্টিত সংঘটিত হৈছিল, নলবাৰী নহয়। গতিকে প্ৰথমে তথ্য সঠিকভাৱে তদন্ত নকৰাকৈ নাম টানি অনা কাৰ্যই বিষয়টোৰ গুৰুত্ব হ্ৰাস কৰে আৰু দায়িত্বশীল নেতৃত্বৰ সলনি ৰাজনৈতিক হতাশাৰ প্ৰতিফলন ঘটায়। সম্ভৱতঃ কোন অঞ্চল কোন সমষ্টিৰ অন্তৰ্গত, সেইবোৰ মৌলিক কথা জানি লওক।

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ

You might also like