বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেৰালাত ৰাজনৈতিক আলোড়ন, তিৰুৱনন্তপুৰমত বিজেপিৰ জয়
কেৰালাত বিজেপিয়ে এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। শুকুৰবাৰ (২৬ ডিচেম্বৰ) বিজেপি নেতা ভি. ভি. ৰাজেশে তিৰুৱনন্তপুৰমৰ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰি ৰাজ্যখনৰ ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে। বিজেপিৰ এই জয়ে এই দক্ষিণৰ ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিত এক ডাঙৰ পৰিবৰ্তনৰ ইংগিত দিছে। দায়িত্ব গ্ৰহণ কৰাৰ পিছত নিজৰ প্ৰথম ভাষণত তেওঁ কয়, “আমি সকলো একেলগে আগবাঢ়িম আৰু সকলোকে লগত লৈ চলিম।”
বিজেপিৰ মেয়ৰ ভি. ভি. ৰাজেশে কয় যে তিৰুৱনন্তপুৰমৰ সকলো ১০১টা ৱাৰ্ডত উন্নয়নমূলক কাম-কাজ ৰূপায়ণ কৰা হ’ব আৰু তিৰুৱনন্তপুৰমক এখন উন্নত নগৰ হিচাপে গঢ়ি তোলা হ’ব। উল্লেখযোগ্য যে কেৰালাত বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ছয় মাহৰো কম সময় বাকী থকা অৱস্থাতে ভি. ভি. ৰাজেশ মেয়ৰ হিচাপে দায়িত্ব লৈছে।
কেৰালাত বিজেপিয়ে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আহিছে, যদিও এতিয়ালৈকে বাঁওপন্থীৰ এই দুৰ্গ ভাঙিবলৈ সক্ষম হোৱা নাছিল। ৰাজ্যখনত বিজেপিৰ এতিয়ালৈকে মাত্ৰ এজন বিধায়কহে আছিল, যাৰ নাম আছিল অ’ ৰাজগোপাল। তেওঁ ২০১৬ চনত নেমোম বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল। বৰ্তমান কেৰালাত বিজেপিৰ এজন সাংসদ আছে—অভিনেতা সুৰেশ গোপী, যিয়ে ২০২৪ চনত ত্ৰিশূৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে।
উল্লেখযোগ্য যে আজি পুৱতিনিশা অনুষ্ঠিত হোৱা ভোটগ্ৰহণত বিজেপিৰ প্ৰাৰ্থীয়ে ৫১টা লাভ কৰে, যিটো ১০০ সদস্যবিশিষ্ট সদনৰ বাবে সংখ্যাগৰিষ্ঠতাৰ পৰা এটা ভোট অধিক। চিপিআই(এম)-ৰ আৰ. পি. শিৱাজীয়ে ২৯টা ভোট আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ কে. এছ. সবৰীনাথনে ১৯টা ভোট লাভ কৰে। এজন পাৰিষদে ভোটদানত অংশগ্ৰহণ নকৰে। আন এজন নিৰ্দলীয় পাৰিষদ পি. ৰাধাকৃষ্ণনৰ সমৰ্থনৰ ফলতেই বিজেপিৰ এই জয় সম্ভৱ হৈ উঠে।
ভি. ভি. ৰাজেশৰ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাটো কেৰালাৰ নগৰ ৰাজনীতিত বিজেপিৰ বাবে এক নতুন অধ্যায়ৰ সূচনা হিচাপে দেখা গৈছে। কেৰালাৰ ৰাজধানীত বিজেপিৰ এই জয়ে চিপিআই(এম)-ৰ প্ৰায় ৪৫ বছৰৰ পৌৰ নিগমৰ ওপৰত থকা আধিপত্যৰ অন্ত পেলালে।
অনুষ্ঠানৰ পিছত কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে সাংবাদিকসকলক কয় যে চিপিআই(এম)-এ কংগ্ৰেছৰ পৰোক্ষ বা পৰ্দাৰ আঁৰৰ সমৰ্থনৰ সহায়ত তিৰুৱনন্তপুৰমক ধ্বংস কৰি পেলাইছে।
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ