নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে তিৱা সংগঠন, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিনিধিৰ আলোচনা

তিৱা, ৰাভা, মিচিঙৰ পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰনৰ বাবে জনগোষ্ঠীসমূহে যি দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছিল, এই দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিত্বত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতক্ষ্য নেতৃত্বত আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পৃষ্ঠপোষকতাত নতুন দিল্লীত ভাৰতৰ গৃহমন্ত্ৰী অমৃত শ্বাহৰে এক ত্ৰিপাক্ষিক আলোচনাত মিলিত হয় তিৱা, ৰাভা আৰু মিচিং স্বায়ত্ব পৰিষদ আৰু জনগোষ্ঠীৰ প্ৰতিনিধি বৰ্গ।

জানিব পৰা মতে কালি নিশা ১০ বজাত নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ডা: ৰণোজ পেগুৰ উপস্থিতিত হোৱা উক্ত আলোচনাত তিনিটা জাতীয় সংগঠন আৰু পৰিষদ কেইখনৰ প্ৰতিনিধি সকলে পৃথকে পৃথকে অংশগ্ৰহন কৰা হয়। তিৱা স্বায়ত্ব শাষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে জানিব দিয়ামতে তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিকৰনক মুল দাবীৰে হোৱা আলোচনা কালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তিৱা স্বায়ত্ব পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিকৰণৰ লগতে জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰি ইয়াৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক দায়িত্ব প্ৰদান কৰা লগতে অহা জানুৱাৰী মাহত পুনৰ এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব বুলি ব্যক্ত কৰে।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে কয় যে, উক্ত আলোচনা যথেষ্ট যোগাত্মক আৰু আশাব্যঞ্জক আছিল। তদুপৰি অসমৰ ভূমিপুত্ৰ তিৱা গোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সংগ্ৰাম তথা ষষ্ঠ অনুসূচীতৰ দাবীৰ মুল সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা এনে প্ৰত্যক্ষ উদ্যোগৰ বাবে তিৱা স্বায়ত্ব পৰিষদৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

আলোচনা কালত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্যবাহী সদস্য ক্ৰমে প্ৰণৱজ্যোতি মছৰঙ, খগেন চন্দ্ৰ বৰদলৈ, উপদেষ্টা ৰিমল আমচি, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মছৰং, সাধাৰণ সম্পাদক তৰুন মাদাৰ,  আটুৱাৰ সভানেত্ৰী জোনালী মিথি, তিৱা যুৱছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰ, তিৱা সাংস্কৃতিক সমাজৰ  উপসভাপতি বকিন্দ্ৰ মছৰং, সদৌ তিৱা ছাত্ৰ সন্থাৰ উপসভাপতি কন্দৰ্প হোকাই আৰু বিত্ত সম্পাদক বিদ্যা পাটৰসহ মুঠ এঘাৰজনীয়া দলটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰে আলোচনাত মিলিত হয়।

নিয়মীয়া বাৰ্তা, ৰহা, ২৬ ডিচেম্বৰ

You might also like