‘বন্দে মাতৰম’ গোৱাৰ সময়ত থিয় দিয়াটো বাধ্যতামূলক, পৰিৱেশনৰ সময় ১৯০ ছেকেণ্ড
ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ গোৱাৰ বিধি নির্ণয় কৰি দিছে কেন্দ্রীয় চৰকাৰে৷ ৰাষ্ট্রীয় সংগীত ‘জন গণ মন’ৰ দৰেই এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত পৰিৱেশন কৰা হ’ব ৰাষ্ট্রীয় গীত৷ ‘বন্দে মাতৰম’ পৰিৱেশনৰ সময়ত সকলোৱে উঠি থিয় হ’ব লাগিব৷
বুধবাৰে পুৱা নির্দেশনা জাৰি কৰি এই কথা জনাইছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ ৰাষ্ট্রীয় সংগীতৰ দৰে এইক্ষেত্রতো গোৱাৰ সময় স্থিৰ কৰি দিয়া হৈছে৷ ‘বন্দে মাতৰম’ৰ ৬টা স্তৱক ১৯০ ছেকেণ্ডত (তিনি মিনিট ১০ ছেকেণ্ড) পৰিৱেশন কৰিব লাগিব৷ কোন কোন সময়ত ‘বন্দে মাতৰম’ পৰিৱেশন কৰাটো বাধ্যতামূলক তাকো নির্দিষ্টভাৱে জনাই দিয়া হৈছে কেন্দ্রীয় চৰকাৰৰ নির্দেশনাত৷
কোৱা হৈছে যে ৰাষ্ট্রীয় পতাকা উন্মোচনৰ সময়ত, চৰকাৰী অনুষ্ঠানত ৰাষ্ট্রপতিৰ আগমন আৰু প্রস্থানৰ সময়ত, ৰাষ্ট্রৰ উদ্দেশ্যে দিয়া ৰাষ্ট্রপতিৰ ভাষণৰ আগত আৰু পিছত, চৰকাৰী অনুষ্ঠানত ৰাজ্যপাল আৰু উপ–ৰাজ্যপালসকলৰ্ (লেফটেনেণ্ট গৱর্নৰ) আগমন আৰু প্রস্থানৰ সময়ত, কোনো নাগৰিকক সন্মান বা পুৰস্কাৰ দিয়াৰ সময়ত আৰু কুচকাৱাজত ৰাষ্ট্রীয় পতাকা অনাৰ সময়ত ৰাষ্ট্রীয় গীত পৰিৱেশন কৰাটো বাধ্যতামূলক কৰা হৈছে৷
বর্তমান বিভিন্ন চৰকাৰী অনুষ্ঠানত ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰা হয়৷ যিবোৰ চৰকাৰী কর্মসূচীত ৰাষ্ট্রীয় গীত পৰিৱেশনৰ কথা কোৱা হৈছে সেইসমূহৰ মাজত কিছু কিছু ক্ষেত্রত বর্তমান ৰাষ্ট্রীয় সংগীত পৰিৱেশনৰ নীতি আছে৷
কেন্দ্রই জনোৱা মতে, এনেধৰণৰ উপলক্ষত ৰাষ্ট্রীয় সংগীত পৰিৱেশনৰ পূর্বে সেই অনুষ্ঠানসমূহত ৰাষ্ট্রীয় গীত পৰিৱেশন কৰা হ’ব৷ এই সময়ছোৱাত নিশ্চিতভাৱে সকলোৱে থিয় হ’ব লাগিব৷ ৰাষ্ট্রীয় গীত পৰিৱেশনৰ সময়ত সকলোকে কণ্ঠ মিলোৱাৰ প্রস্তাৱো দিয়া হৈছে৷
উল্লেখ্য যে বংকিম চন্দ্র চট্টোপাধ্যায় ৰচিত দেশাত্মবোধক গান ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ পূর্তি উদ্যাপন চলি আছে৷ ১৮৭৫ চনত লিখা এই গানটো প্রথম প্রকাশিত হয় ১৮৮২ চনত ‘আনন্দ মঠ’ উপন্যাসত৷ ১৮৯৬ চনত ৰবীন্দ্রনাথ ঠাকুৰে প্রথম এই গানটো গাইছিল৷ ব্রিটিছবিৰোধী স্বাধীনতা আন্দোলনৰ সৈতে সংযুক্ত হৈছিল ‘বন্দে মাতৰম’ৰ কথা আৰু ভাবনা৷
ৰাষ্ট্রীয় সংগীত আৰু লগতে দেশৰ সংবিধানে এই গীতকো সমমর্যাদা আৰু স্বীকৃতি প্রদান কৰিছে৷ কিন্তু ইয়াক গোৱাৰ বাবে সুকীয়াকৈ কোনো বিধি ইমানদিনে নির্ধাৰিত কৰা নাছিল৷ ৰাষ্ট্রীয় গীতৰ মর্যাদা বৃদ্ধিৰ পক্ষত বাৰে বাৰে প্রশ্ণ উত্থাপন কৰি আহিছে বিজেপিয়ে৷ কংগ্রেছৰ বিৰুদ্ধে তেওঁলোকে এই গীতটোৰ গুৰুত্বপূর্ণ স্তৱক বাতিল কৰাৰ অভিযোগো তুলিছে৷
সূত্রৰ খবৰ মতে, ৰাষ্ট্রীয় গীতৰ মর্যাদা বৃদ্ধিৰ বিষয়ে যোৱা জানুৱাৰীতে দিল্লীত বৈঠক অনুষ্ঠিত কৰিছিল অমিত শ্বাহৰ গৃহ মন্ত্রালয়ে৷ বৈঠকত যোগ দিছিল একাধিক জ্যেষ্ঠ বিষয়া, অন্যান্য মন্ত্রালয়সমূহৰ বিষয়ববীয়াসকলে৷ কেন্দ্রীয় চৰকাৰে যে এনে কিছু পদক্ষেপ গ্রহণ কৰিবলৈ ওলাইছে তাক ইতিমধ্যে শুনিবলৈ পোৱা গৈছিল৷ এইবাৰ সেই বিধি নির্ধাৰণ কৰিলে কেন্দ্রীয় চৰকাৰে৷ লগতে স্কুলসমূহতো গোৱা প্রার্থনা সংগীতৰ সময়ত বা স্কুলৰ কোনো অনুষ্ঠানত ৰাষ্ট্রীয় গীত সমৱেত কণ্ঠত গোৱাৰ প্রস্তাৱ দিয়া হৈছিল৷
শিক্ষার্থীসকলৰ ৰাষ্ট্রীয় গীত আৰু ৰাষ্ট্রীয় সংগীত গোৱা আৰু ৰাষ্ট্রীয় পতাকাৰ প্রতি তেওঁলোকৰ শ্রদ্ধা বৃদ্ধি কৰাৰ বাবে স্কুল কর্তৃপক্ষসমূহে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা উচিত বুলিও জনোৱা হৈছে নির্দেশনাত৷
একেদৰে ঘোষিত চৰকাৰী কর্মসূচীতে নহয় এনে কোনো অনুষ্ঠান য’ত মন্ত্রীসকলৰ উপস্থিতিৰ বাবে গুৰুত্বপূর্ণ বুলি ধাৰণা কৰা হয় তাতো ৰাষ্ট্রীয় গীত পৰিৱেশন কৰিব পাৰে৷ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, ১০ পৃষ্ঠাৰ এই নির্দেশনাত এইটোও কোৱা হৈছে যে যদি কেতিয়াবা কোনো চিনেমাৰ অংশ হিচাপে ৰাষ্ট্রীয় গীত পৰিৱেশিত হয় তেনে ক্ষেত্রত আটায়ে থিয় হোৱাটো বাধ্যতামূলক নহয়৷
ডিজিটেল ডেস্ক, ১২ ফেব্রুৱাৰী