নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ বৃন্দাবনী বস্ত্ৰ : লণ্ডন-ত ব্রিটিছ মিউজিয়ামৰে LOI সম্পাদন মুখ্যমন্ত্ৰীৰ

ডেৰ বছৰৰ বাবে অসমলৈ আহিব বৃন্দাবনী বস্ত্র, ৰাখিব লণ্ডন আর্হিৰ সংগ্রহালয়ত। ২০২৭ চনত ৰাজ্যলৈ আনিবলগীয়া গুৰুজনাৰ অমৰ সৃষ্টি প্রদর্শিত কৰিবলৈ জিন্দাল গ্রুপে নির্মাণ কৰিব মিউজিয়াম

অসমলৈ অনা হ’ব মহাপুৰুষ গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্র৷ লণ্ডনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ব্রিটিছ মিউজিয়াম কর্তৃপক্ষৰে ইয়াৰ বাবে সম্পাদিত হ’ল লেটাৰ অৱ ইণ্টেণ্ট (এলঅ’আই)৷

উল্লেখ্য যে অসমৰ ঐতিহ্য, অতিকে আপুুৰুগীয়া সম্পদ বৃন্দাবনী বস্ত্র অসমভূমিলৈ অনাৰ বাবে মুখ্যমন্ত্রীৰ উদ্যোগত বিশেষ তৎপৰতা বহন কৰা হৈছিল৷ এই তৎপৰতাৰ অংশস্বৰূপে লণ্ডনত থকা বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ বাবে প্রথমলানি পদক্ষেপ সম্পন্ন হ’ল৷

উল্লেখ্য যে ১৮ মাহৰ বাবে ২০২৭ চনত অসমলৈ আনিব লগা বৃন্দাবনী বস্ত্র প্রদর্শন কৰিবলৈ জিন্দাল গ্রুপে খানাপাৰাত লণ্ডন মিউজিয়াম আর্হিত নির্মাণ কৰিব এক সংগ্রহালয়৷ এই সংগ্রহালয়তে ৰাজ্যবাসীয়ে গুৰুজনাৰ সৃষ্টিক স্বচক্ষে প্রত্যক্ষ কৰিবলৈ সক্ষম হ’ব৷

এলঅ’আই সম্পাদিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত এইবুলি উল্লেখ কৰিছে– লণ্ডনৰ ব্রিটিছ সংগ্রহালয় হৈছে বিশ্বৰ এনে এটি বিৰল সংগ্রহালয়, যি ইতিহাসৰ বহু উল্লেখনীয় আৰু স্মৰণীয় সমলৰ সাক্ষ্য বহন কৰি থৈছে৷

ব্রিটিছ মিউজিয়ামত সংগৃহীত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ বাবে অসম চৰকাৰ আৰু ব্রিটিছ মিউজিয়ামৰ মাজত লেটাৰ অৱ ইণ্টেণ্ট (এলঅ’আই) স্বাক্ষৰিত হয়৷ অসমৰ ঐতিহ্য, অতিকৈ আপুৰুগীয়া সম্পদ অসমভূমিলৈ আহিব আৰু অসমবাসীয়ে এই পৱিত্র বস্ত্রভাগি দর্শন কৰিব৷

স্থায়ীভাৱে নহ’লেও ব্রিটিছ মিউজিয়ামত থকা এই সম্পদবিধ অসমলৈ বিশেষ কিছু নিয়মৰ মাজেৰেহে অনা হ’ব৷ এই বার্তাই নিশ্চিতকৈ জাতীয় জীৱন তথা ভাৰতবাসীকো গৌৰৱান্বিত কৰিব৷

উল্লেখ্য যে শংকৰদেৱৰ প্রত্যক্ষ নির্দেশনাত বুঢ়া আতাৰ নেতৃত্বত ১২জনীয়া শিল্পীৰ এটা দলে বৰপেটাৰ তাঁতীকুছি নামৰ ঠাইত বৃন্দাবনী বস্ত্রখন বৈ উলিয়াইছিল৷ মহাৰাজ নৰনাৰায়ণৰ লগত থকা এই বস্ত্রখন পৰৱর্তী সময়ত ভূটান আৰু তিব্বত পাইছিলগৈ৷

১৯০৫ চনত ব্রিটিছে তিব্বতৰ পৰা এই বস্ত্রখন উদ্ধাৰ কৰি মিউজিয়ামত সংৰক্ষণ কৰি ৰাখে৷ বৃন্দাবনী বস্ত্রৰ আন এটা খণ্ড পেৰিছ মিউজিয়ামত, লছ এঞ্জেলছৰ মিউজিয়াম আৰু নিউয়র্ক মিউজিয়ামত সংৰক্ষিত হৈ আছে৷

ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ

You might also like