নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত এটিএমৰ পৰা উলিওৱা ধন লৈ পলোৱাৰ চেষ্টা চিলনীচোৰৰ

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ : আজি দিনৰ ভাগত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত মহামায়া এটিএমৰ ধন উঠাই থকাৰ সময়তে চিলনীচোৰে থাপ মাৰি পলায়ন কৰে। তেনে সময়তে উপস্থিত থকা ৰাইজে চিলনী চোৰটোক ক্ষিপ্ৰতাৰে আটক কৰিবলৈ সক্ষম হয়। পিছত ৰাইজে আটক কৰা চিলনী চোৰটোক বগৰীবাৰী আৰক্ষীক চমজাই দিয়ে। ৰাইজে আটক কৰা চিলনীচোৰটোৰ সন্দৰ্ভত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে কিছুদিন ধৰি বগৰীবাৰী অঞ্চলৰ ২৫ হাত কালী মন্দিৰৰ দান ভান্ডাৰ ভাঙি চুৰিকে ধৰি চুৰি কাৰ্য সংঘটিত হৈছে।

প্ৰেৰক পাৰ্থসাৰথি চক্ৰবৰ্তী

You might also like