MR. & MS ASSAMৰ খিতাপ দখল কিৰণ টায়েং, মামণি দাসৰ
জোনাইত প্ৰথমবাৰৰ বাবে AAPSA/IFBB/ IBBFFৰ উদ্যোগত আৰু জোনাই চিয়াং ফিটনেছ চেণ্টাৰৰ আতিথ্যত মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ চৌহদত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম ভিত্তিত ‘MR. & MS ASSAM’ দেহশ্ৰী প্ৰতিযোগিতাৰ সামৰণি পৰিছে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা MR. & MS ASSAMৰ প্ৰতিযোগিতাখনত মুঠ ১৭টা শিতানত খেল অনুষ্ঠিত কৰে আয়োজক সমিতিয়ে।
উক্ত প্ৰতিযোগিতামূলক খেলখনত MR ASSAM হিচাপে জোনাইৰ সন্তান কিৰণ টায়েং আৰু MS ASSAM তিনিচুকীয়াৰ মামণি দাসে খিতাপ দখল কৰে।
সহস্ৰাধিক লোকে উপভোগ কৰিবলৈ অহা উক্ত অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, AAPSAৰ সভাপতি গৌতম কলিতা, সাধাৰণ সম্পাদক কুশল চাংমাইৰ লগতে IFBB/ IBBFFৰ কেন্দ্ৰীয় প্ৰতিনিধি বৰ্গও উপস্থিত থাকে।
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ