কটকত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ প্রথম টি–২০
শৃংখলা আৰম্ভ হোৱাৰ প্রাক মুহূর্তত চিন্তিত হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্য কুমাৰ যাদৱ৷ আজিৰে পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ৫খনীয়া টি–২০ মেচৰ শৃংখলাটো আৰম্ভ হ’ব৷
শৃংখলাৰ প্রথমখন মেচ কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ মেচখনৰ পূর্বে বেটিংক্রমক লৈ চিন্তাত পৰিছে ভাৰতীয় দলটোৰ অধিনায়ক সূর্য কুমাৰ৷ সমস্যা হৈছে শুভমন গিল আৰু সঞ্জু ছেমছনক লৈ৷
মেচখনৰ পূর্বে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্য কুমাৰ যাদৱে কয় যে শুভমন গিল আৰু হার্দিক পাণ্ডিয়াৰ প্রত্যাৱর্তনে দলটোক আৰু অধিক শক্তিশালী কৰি তুলিছে৷ গিল এতিয়া সম্পূর্ণ সুস্থ হৈ উঠিছে আৰু দললৈ উভতি আহিছে৷ গতিকে মেচত গিলে ইনিংছ মুকলি কৰাটো একপ্রকাৰ নিশ্চিত৷ গিলৰ সংগী হ’ব অভিষেক শর্মা৷
তেনেস্থলত সঞ্জু ছেমছনে কোন নম্বৰ স্থানত বেটিং কৰিব বুলি সাংবাদিকে সোধা প্রশ্ণক লৈ বিমোৰত পৰে সূর্য কুমাৰ যাদৱ৷ যাদৱে কয় যে সঞ্জু ছেমছন এগৰাকী পূর্ণাংগ বেটাৰ৷ তেওঁ যিকোনো স্থানতে খেলিব পৰা সামর্থ্য আছে৷
গিল আৰু অভিষেকে যদি দলৰ ইনিংছ মুকলি কৰে তেন্তে ছেমছনে চতুর্থ নাইবা পঞ্চম স্থানত বেটিং কৰিব৷ আৰু যদি গিলে মেচত খেলিব নোৱাৰে তেন্তে অভিষেকৰ সংগী হ’ব ছেমছন৷
ইফালে, হার্দিক পাণ্ডিয়াৰ অন্তর্ভুক্তিয়েও ব্যতিক্রমৰ সমীকৰণত কিছু আউল লগাইছে অধিনায়কগৰাকীক৷ এতিয়া কাক এৰিব কাক ধৰিব তেনে অৱস্থা হৈছে অধিনায়ক সূর্য কুমাৰৰ৷ মেচখনৰ সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে লগতে কয় যে বিশ্বকাপৰ পূর্বে আমি দুটা ভাল দলৰ বিৰুদ্ধে ১০খন টি–২০ মেচ খেলিম৷
এতিয়াৰ বাবে আমি সেই মেচকেইখনৰ ওপৰত গুৰুত্ব দিছোঁ৷ প্রতিযোগিতাখন আগবাঢ়ি যোৱাৰ লগে লগে আমি বিশ্বকাপৰ ওপৰত অধিক গুৰুত্ব দিওঁ৷ মই এতিয়া সেই বিষয়ে চিন্তা কৰা নাই৷ ২০২৪ চনৰ বিশ্বকাপ শেষ হোৱাৰ পিছত আমি পৰৱর্তী টি–২০ বিশ্বকাপৰ বাবে প্রস্তুতি আৰম্ভ কৰিছিলোঁ৷
এনে নহয় যে আমি বিশ্বকাপৰ দুমাহ আগতে আহি কৈছিলোঁ, এইবাৰ আমাৰ প্রস্তুতি আৰম্ভ হ’ব৷ সেই কাম বহু আগতেই আৰম্ভ হৈছে৷ আনহাতে, মেচখনত শিৱম ডুবেৰ স্থানত হার্দিকে খেলাটো নিশ্চিত বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে হার্দিক যেতিয়া দললৈ আহে তেতিয়া বহু বিকল্প হাতলৈ আহে৷
তেওঁৰ অভিজ্ঞতা অমূল্য৷ তেওঁৰ আগমনে দলৰ ভাৰসাম্য বৃদ্ধি কৰিব বুলি অধিনায়কগৰাকীয়ে কয়৷ ইফালে, আজিৰে পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোত প্রত্যয়জনক আৰম্ভণি কৰিব পাৰিব বুলি আত্মবিশ্বাসী দক্ষিণ আফ্রিকা দলটো৷
খেলৰ সময়ঃ নিশা ৭ বজা৷
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ