সুকন্যা : জীয়াভৰলী নদীৰ পাৰৰ কন্যকালৈ আলহী পক্ষীৰ আগমন
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰলৈ নামি আহিলে বহু দূৰৰ পৰা আমাৰ চকুত পৰে বিশাল কৃষিভূমিৰ ভিতৰত সযত্নে সংৰক্ষিত ‘কন্যকা’ কৃষিপাম৷ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত থকা বিস্তৃত ‘কন্যকা’ কৃষিপাম এইবাৰ শীতৰ আৰম্ভণিৰ লগে লগেই হৈ পৰিছে নানানধৰণৰ আলহী পক্ষীৰ কলতানৰ মহোৎসৱস্থলী৷ উত্তৰৰ শীতল দেশৰ পৰা বহু দূৰ পথ অতিক্রমী পৰিভ্রমী পক্ষীয়ে কন্যকাৰ বুকুত পাতিছে আৱাস৷
পামৰ ভিতৰত থকা জলাশয়, পুখুৰী, নলা–নদীৰ যান্ত্রিকতাবিহীন আৰু নীৰৱ প্রাকৃতিক পৰিৱেশই এইসকল আলহী পক্ষীৰ বাবে যেন ডপযুক্ত আশ্রয়স্থলী হৈ ডঠিছে৷ বিগত এমাহত লক্ষ্য কৰা পৰিভ্রমী পক্ষীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাহছে কন্যকা কাননত৷
ধৃতৰাজ, হয়কলি, আকুল, নাহপক আদিৰ লগতে এতিয়া এই পামখনত দেখা গৈছে কিছুমান বিৰল আৰু মূল্যৱান প্রজাতি চৰাইৰ উপস্থিতি৷ বিশেষকৈ– টুফেট ডাক, গ্রে–হেডেড ফিছ ঈগল আৰু ব্লেক–ফেচ বাণ্টিঙৰ উপস্থিতিয়ে এই স্থানৰ পক্ষী বৈচিত্র্যক অধিক আকর্ষণীয় কৰি তুলিছে৷
এই দুর্লভ আৰু নান্দনিক দৃশ্য সাধাৰণতে শীতৰ সময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ জলভূমিত দেখা পোৱা যায়, যিটো এইবাৰ কন্যকাৰ জলাশয়ত দেখা পোৱাটো অঞ্চলটোৰ বাবে এক বিশেষ আনন্দৰ বতৰা৷ বিগত এমাহত কন্যকাৰ বুকুত বিচৰণ কৰা আলহী পক্ষীৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিছে অঞ্চলটোৰ প্রসিদ্ধ পক্ষীবিদ আৰু wild photographer মাছিহ আহমেদ খানে৷ তেওঁৰ কেমেৰাৰ লেন্সত আবদ্ধ হৈছে বহু বিৰল মুহূর্ত।
জলাশয়ৰ ওপৰত ভাহি থকা টুফেট ডাক, গছৰ ওপৰৰ ডালত নিঃশব্দে চকু স্থিৰ কৰি জলাশয়ৰ মাছ–কাছ নিৰীক্ষণত ব্যস্ত থকা গ্রেক্স হেডেড ফিছ ঈগল আৰু ছপাতৰ ছাঁয়াত নীৰৱে আশ্রয় লৈ থকা ব্লেক–ফেচ বাণ্টিং৷
কেইবাবছৰ আগতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত অবৈধ লোকসকলে দখল কৰি থকা ভূমি ডদ্ধাৰ কৰি খিলঞ্জীয়া লোকসকলক লগত লৈ কৃষি বিপ্লৱৰ সূচনা কৰা কন্যকা বহুমুখী পামৰ বিষয়ে মাছিহ আহমেদ খানে কয় যে– ‘কন্যকাৰ ভিতৰত এতিয়াও প্রাকৃতিক পৰিৱেশ সুস্থভাৱে অটুট আছে৷ পৰিভ্রমী পক্ষীৰ উপস্থিতিয়ে সেই কথাই স্পষ্টকৈ প্রমাণ কৰে৷’
তেওঁ আৰু কয়– জলাশয় সংৰক্ষণ, গছ–গছনি ৰোপণ আৰু সুৰক্ষা, শব্দ প্রদূষণৰ অভাৱ আৰু পৰিসৰৰ নীৰৱ শান্ততাই আলহী পক্ষীক চুম্বকৰ দৰেহ আকর্ষণ কৰিছে কন্যকাৰ বুকুৱে৷
শীতৰ বতাহৰ লগে লগে কন্যকাৰ বুকুত যি প্রাকৃতিক দৃশ্য ফুটি উঠিছে, সেইটো কেৱল সৌন্দর্য নহয়– এটি আশা, এটি শুভ লক্ষণ আৰু ভৱিষ্যতৰ পৰিৱেশৰ বাবে এটা মূল্যৱান সতর্কবাণী৷ জীয়াভৰলী নদীৰ পাৰত কন্যকাৰ বুকুত প্রকৃতিয়ে যেন কৈ ডঠিছে– য’ত যত্ন, ত’ত পুনৰুত্থান।
ফটোঃ মাছিহ আহমেদ খান