সমাগত পোহৰৰ উৎসৱ দীপাৱলী। মাটি চাকিৰে ভৰি পৰিছে দীপাৱলীৰ বজাৰ। সম্প্ৰতি নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশলংঘী দামে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে। বজাৰত এতিয়া প্ৰতি লিটাৰ মিঠাতেলৰ দাম প্ৰায় দুশ টকা পাইছে। এনে সময়তে দীপাৱলীত ঘৰৰ পদূলিমুখত এগছি বন্তি জ্বলাবলৈ এতিয়া চিন্তা কৰিবলগীয়াত পৰিছে সাধাৰণ জনতাই।
মিঠাতেলৰ আকাশলংঘী বজাৰ মূল্যৰ সময়তে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ তীৰ্থনগৰী হাজোৰ মাধৱ মন্দিৰত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। দীপাৱলী উপলক্ষে আজি তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰাইজৰ বাবে ৰেহাই মূল্যত মিঠাতেল বিক্ৰীৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰে। শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল দীপাৱলীৰ নিশা বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে ৰাইজৰ বাবে আগবঢ়াইছে ১০০ টকাত প্ৰতিলিটাৰ। আনবেলিৰ দৰে এইবেলিও হয়গ্ৰীৱ মাধৱ মন্দিৰত হাজো আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে মিঠাতেল ৰেহাই মূল্যত বিক্ৰী কৰি ৰাইজক কিছু পৰিমাণে সকাহ দিয়া পৰিলক্ষিত হৈছে। দীপাৱলীৰ নিশা ভক্তসকলে নিজৰ পদূলিমুখ পোহৰাই তুলিব পৰাকৈ ৰেহাই মূল্যত প্ৰতি বছৰে দেৱালীৰ পূৰ্বে বিতৰণ কৰে মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা তেল।
উল্লেখ্য যে মাধৱ মন্দিৰৰ তেলেৰে নিজৰ পদূলিত এগছি চাকি জ্বলাই দিলে ঘৰখনৰ অপায়-অমংগল বিনাশ হয় বুলিও কথিত আছে। সেয়ে হয়তো আজি মন্দিৰ প্ৰাংগণত তেল নিবলৈ ৰাইজৰ যথেষ্ট সমাগম হয়। প্ৰতিঘৰৰ বিপৰীতে দুই লিটাৰকৈ তেল বিতৰণেৰে এইবেলি প্ৰায় তিনি হাজাৰ লিটাৰ মিঠাতেল এশ টকা দৰত বিতৰণ কৰিবলৈ লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে।আনহাতে, হাজোৰ অন্য মন্দিৰ বা নামঘৰত পাঁচ লিটাৰকৈ মিঠাতেল বিনামূলীয়াকৈ আগবঢ়ায়। এই তেল কেৱল বন্তি প্ৰজ্বলনৰ বাবেহে বুলি ৰাইজক জনায় মন্দিৰ পৰিচালনা সমিতিয়ে।
নিয়মীয়া বাৰ্তা, হাজো, ১৮ অক্টোবৰ