নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত আশাপ্ৰদ ফলাফল : সমাজ বিজ্ঞানত অংকিতাৰ সৰ্বোচ্চ নম্বৰ : সন্যাক কেন্দ্ৰটোৰ শ্ৰেষ্ঠ ছাত্ৰ

বিশেষ বাৰ্তা, ২২ মে : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত নাহৰকটীয়া অঞ্চলৰ বিদ্যালয়সমূহে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত জয়পুৰ জাতীয় বিদ্যালয়, কুঁৱৰীগাঁও সীতাৰাম টোডী জাতীয় বিদ্যালয় আৰু উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে গৌৰৱ কঢ়িয়াই আনে। উল্লেখযোগ্য যে জয়পুৰ জাতীয় বিদ্যালয়ৰ পৰা এইবাৰ উত্তীৰ্ণ হোৱা ২২গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ১৭গৰাকীয়ে প্ৰথম বিভাগ আৰু ৫গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত প্ৰিয়ম তৃষ্ণা খাউণ্ড আৰু আল্পনা গোস্বামীয়ে ৯১% নম্বৰেৰে ডিষ্টিংচন লাভ কৰাৰ বিপৰীতে অসীম চেতিয়া, নীলম জ্যোতি সিংহা কুঁহিন চাউদাং, পলাসী বৰুৱা আৰু এভলীন হুছেইনে ষ্টাৰ মাৰ্ক্স লাভ কৰে। একেদৰে নাহৰকটীয়াৰ কুঁৱৰীগাঁওৰ সীতাৰাম টোডী জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ৪গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আটাইকেইগৰাকী য়ে প্ৰথম বিভাগ লাভ কৰিবলৈ সক্ষম হয় যত অভীৰণ গগৈয়ে ৫টা বিষয়ত লেটাৰ সহ ডিষ্টিংচন লাভ কৰে। ইয়াৰোপৰি উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ৫৬গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত তিনিগৰাকী পৰীক্ষাৰ্থী ক্ৰমে কংকণ বৰা, কেশৱ ছেত্ৰী আৰু কপিল শইকীয়াই ডিষ্টিংচন আৰু বিনীতা ছেত্ৰীয়ে ষ্টাৰ মাৰ্ক সহ মুঠ ১৬গৰাকীয়ে প্ৰথম বিভাগ, ৩৭গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩গৰাকীয়ে তৃতীয় বিভাগসহ ১০০ শতাংশ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। আনহাতে নাহৰকটীয়া চেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৯৩গৰাকী অৱৰ্তীৰ্ণ হোৱা পৰীক্ষাত ৭০গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰে যত ৭গৰাকীয়ে ডিষ্টিংচন আৰু ১৪গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। ২১গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰা বিদ্যালয় খনৰ উত্তীৰ্ণৰ হাৰ ৯৭.৮৫। একেদৰে নাহৰকটীয়া শংকৰদেৱ শিশু নিকেটনৰ পৰা এইবাৰ ৪২ গৰাকী ছাত্ৰ ছাত্ৰী অৱৰ্তীৰ্ণ হোৱাৰ বিপৰীতে ৯২.৮৫ শতাংশৰে উত্তীৰ্ণ হয় মুঠ ৩৯গৰাকী ছাত্ৰ ছাত্ৰী। ইয়াৰ ভিতৰত অংকিতা ডেকাই সমাজ বিজ্ঞান বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰাৰ লগতে আটাইকেইটা বিষয়ত লেটাৰ সহ ৯২.৮৩ নম্বৰ লাভ কৰাৰ বিপৰীতে ৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংচন আৰু ৪ গৰাকীয়ে ষ্টাৰসহ মুঠ ২৬গৰাকীয়ে প্ৰথম বিভাগ, ১২গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। আনহাতে নাহৰকটীয়া চেণ্ট জেভিয়াৰ্ছ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৫১গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৯৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৪৯গৰাকী উত্তীৰ্ণ হয়, যত ৩৪গৰাকীয়ে প্ৰথম বিভাগ আৰু ১৫ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে। উল্লেখযোগ্য যে বিদ্যালয় খনৰ ছাত্ৰ সন্যাক জৈনে মুঠ ৫৫৮ নম্বৰ সহ ৯৩ শতাংশ নম্বৰ লাভ কৰি নাহৰকটীয়া কেন্দ্ৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ছাত্ৰৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়। আনহাতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ভিতৰত চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৮৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৬৮ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। প্ৰথম বিভাগত ১১ গৰাকী, দ্বিতীয় বিভাগত ৩৭ গৰাকী আৰু তৃতীয় বিভাগত ২০ গৰাকী উত্তীৰ্ণ হোৱা বিদ্যালয় খনৰ উত্তীৰ্ণৰ হাৰ হল শতকৰা ৭৭.২৭ গৰাকী। একেদৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হল ৫২.৬৭। মাধুৰ্য্য দত্তই ৪ টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পোৱা বিদ্যালয় খনৰ পৰা এইবাৰ মুঠ ১৬৯ গৰাকী ছাত্ৰ ছাত্ৰী অৱৰ্তীৰ্ণ হোৱাৰ বিপৰীতে ৬ গৰাকী প্ৰথম বিভাগ, ৪৬ গৰাকী দ্বিতীয় বিভাগ আৰু ৩৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰোপৰি নাহৰকটীয়া নতুন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ৬২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৩ গৰাকীয়ে প্ৰথম, ৬ গৰাকীয়ে দ্বিতীয় আৰু ২০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়, যাৰ শতকৰা হাৰ হল ৪৬.৭৭। একেদৰে জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ১৫২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হল ৬২ গৰাকী। ৪০.৭৮ শতাংশ উত্তীৰ্ণ হোৱা বিদ্যালয় খনৰ পৰা এইবাৰ ৭ গৰাকীয়ে প্ৰথম বিভাগ, ৪৩ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like