নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত নলবাৰী-ৰ ৰাসোৎসৱ, ভক্ত-দৰ্শনাৰ্থীৰে উখল-মাখল পৰিৱেশ

বৃহৎ উচ্চতাৰ 'আইফেল টাৱাৰে' দৃষ্টি কাঢ়িছে ৰাস যাত্ৰীৰ, সমন্বয় ঘটিছে মৃন্ময় মুৰ্তি, জীৱন্ত, পুতলা ৰাসৰ

ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিভু ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত।

ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ভক্তি ৰসেৰে উদুলি মুদুলি হৈ পৰিছে নলবাৰীৰ চৌপাশ। আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সু-সংহতভাৱে যোৱা ৫ নৱেম্বৰৰ পৰা চলা তেৰ  দিনীয়া ৯২ সংখ্যক ৰাস মহোৎসৱ হৈ পৰিছে প্ৰতিদিনে  অজস্ৰ ভক্ত-দৰ্শনাৰ্থীৰে উদুলি-মুদুলি। ফলত দ্বিতীয় বৈকুন্ঠপুৰীত পৰিণত হৈছে নলবাৰীৰ ৰাসোৎসৱ।

উল্লেখ্য যে ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে উদযাপন কৰি অহা হৈছে নলবাৰী ৰাস মহোৎসৱ। নলবাৰীৰ পৱিত্ৰ হৰিমন্দিৰত উদযাপিত ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে মহাভাৰত, ৰামায়ণ, উপনিষদ, ভাগৱত, গীতা আদিৰ বিভিন্ন আখ্যান- উপাখ্যানৰ আধাৰত নিৰ্মিত মৃন্ময় মূৰ্তি।মৃন্ময় মুৰ্তিৰ লগতে জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসো উদযাপন হৈছে হৰি মন্দিৰত।

বিভিন্ন জাতি-ধৰ্ম, বৰ্ণৰ দৰ্শনাৰ্থীৰ মিলনস্থলী হৈ পৰে নলবাৰী ৰাসথলী। এইবেলি ৯২ সংখ্যক ৰাস মহোৎসৱত বিভিন্ন ষ্টলত ভগৱান শ্ৰীকৃষ্ণ জন্মৰ পৰা মহাপ্ৰয়াণলৈ মৃন্ময় মূৰ্তিসমূহ ক্ৰমশঃ উপস্থাপন কৰা হৈছে।ইপিনে,ধৰ্মীয় সমন্বয়,ঐতিহ্য, পৰম্পৰাৰ সাক্ষী আৰু ভগৱান শ্ৰীকৃষ্ণ সংস্কৃতিৰ প্ৰতিভু হৰি মন্দিৰৰ ৰাস মহোৎসৱত প্ৰতিদিনে অনুষ্ঠিত ন-ন আকৰ্ষনীয় অনুষ্ঠানেৰে জিপাল কৰি তুলিছে ৰাস মহোৎসৱৰ বাকৰি।

সমানে সমানে হৰি মন্দিৰৰ বাকৰিত অসম প্ৰকিশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাতো প্ৰতিদিনে গ্ৰন্থপ্ৰেমীৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে।গ্ৰন্থমেলাৰ মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হৈ আহিছে ন ন বিভিন্ন কাৰ্যসূচী।

আনহাতে,বিগত দুটামান বছৰৰ পৰা নলবাৰী ৰাস মহোৎসৱত মৃন্ময় মূৰ্তিৰ ৰাসৰ লগতে জীৱন্ত ৰাসৰ প্রদৰ্শন কৰা হৈছে।কালি  আবেলি হৰি মন্দিৰৰ স্থায়ী মঞ্চত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনার্দন দেৱগোস্বামীয়ে জীৱন্ত ৰাসৰ শুভাৰম্ভ কৰি জীৱন্ত ৰাস উপভোগ কৰে৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ,ৰাস মহোৎসৱৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।

ইপিনে, ৰাস বুলিলেই গতানুগতিক মহাভাৰত, ৰামায়ণ, উপনিষদ, ভাগৱত, গীতা আদিৰ বিভিন্ন আখ্যান-উপাখ্যানৰ আধাৰত পঞ্চাছটাৰো অধিক অস্থায়ী ষ্টলত আকৰ্ষনীয় ৰূপত নিৰ্মান কৰি স্থাপন কৰা মৃন্ময় মূৰ্তিয়ে আকৰ্ষন কৰিছে লাখ লাখ ভক্ত-দৰ্শনাৰ্থীক। ইয়াৰে কেইটামান ষ্টলত বৈদ্যুতিক সংযোজন কৰি জীৱন্ত ৰূপ প্ৰদান কৰিছে।

শিল্পীৰ ৰং- তুলিকা, মৃন্ময় মূৰ্ত্তিৰ জীৱন্ত গতিয়ে নলবাৰী হৰি মন্দিৰ বাকৰিলৈ নমাই আনিছে যেন গোকুলৰ বৃন্দাবন, য’ত ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল। শিল্পী সকলৰ ৰং- তুলিকাৰ যাদুত দৰ্শক- ভক্ত বৃন্দই উপভোগ কৰিছে সেই বৃন্দাবনৰ ৰাস।

শিশু কৃষ্ণ প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বাঁহীবাদন প্ৰতিযোগিতা,একক নৃত্য প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, মুকলি কুইজ প্ৰতিযোগিতা,গীতা শ্লোক পাঠ,শংখধ্বনি প্ৰতিযোগিতা, লোকগীত, বৰগীত, উৰুলী, ৰাভা, জ্যোতি,ভূপেন্দ্ৰ সংগীত আদি প্ৰতিযোগিতা আদিৰে ৰাসৰ বাকৰি ৰজনজনাই উঠিছে।

ইপিনে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত অনুষ্ঠিত তেৰ দিনীয়া ‘নলবাৰী বাণিজ্য মেলা’ত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ক্ষুদ্ৰ ব্যৱসায়িক সকলে অংশগ্ৰহণ কৰিছে।

নলবাৰী বানিজ্য মেলাত স্থানীয় উদ্যোগীৰ বাঁহ,বেতৰ সামগ্ৰীৰ উপৰি  পাট-মুগা কাপোৰৰ ত্ৰিশখন বিপনীয়ে অংশ গ্ৰহন কৰিছে।উল্লেখ্য যে, বাণিজ্য মেলাৰ ভিতৰত থকা বৃহৎ উচ্চতাৰ ফ্ৰান্সৰ  আইফেল টাৱাৰে ৰাসযাত্ৰী সকলক আকৰ্ষন কৰিছে।

আইফেল টাৱাৰৰ লগতে প্ৰানৰ শিল্পী ‘জুবিন গাৰ্গ ক্ষেত্ৰ’ত প্ৰিয় শিল্পী গৰাকীৰ সৃষ্টিৰাজিৰ বিবৰণ দাঙি ধৰা হৈছে।প্ৰিয় শিল্পী গৰাকীৰ ফটো দেখি প্ৰতিগৰাকী লোকে আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে।মুঠৰ ওপৰত বিভিন্ন জাতি-জনগোষ্ঠী লোকৰ স্বস্তঃস্ফুৰ্ত মহোৎসৱৰ সঁহাৰিয়ে কাৰ্যতঃ সমন্বয় ক্ষেত্ৰলৈ পৰিণত কৰিছে হৰিমন্দিৰৰ ৰাসথলী।

আনহাতে, নলবাৰীৰ হৰিমন্দিৰৰ ৯২সংখ্যক ৰাস মহোৎসৱত প্রজ্ঞাৰ ব্যক্তিক্রমী অনুষ্ঠানে আকৰ্ষন কৰিছে ৰাসযাত্ৰী সকলক। নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯২ সংখ্যক ৰাস মহোৎসৱত ‘প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ ৫১২৭ প্ৰদৰ্শনী অনুষ্ঠান’টিয়ে জ্ঞান আৰু প্রজ্ঞাৰ স্হলীলৈ পৰিণত হৈছে।

এইবেলি ৰাস মহোৎসৱত চতুৰ্থ বাৰৰ বাবে ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ  প্ৰজ্ঞাৰ ব‍্যতিক্ৰমী পদক্ষেপ পৰিলক্ষিত হৈছে। উজলি উঠিল অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল  জ্ঞান পৰম্পৰাৰ  প্ৰদৰ্শনী।অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰাৰ প্ৰদৰ্শনীত পুৰ্বৰ দৰে আজিৰে পৰা ভক্তপ্ৰাণ ৰাইজে  ভিৰ কৰা পৰিলক্ষিত হয়। 

একেৰাহে চতুৰ্থ বাৰৰ বাবে নলবাৰীৰ ৰাসত আয়োজিত প্ৰজ্ঞা এই ব‍্যক্তিক্ৰমী অনুষ্ঠানক ৰাইজে শলাগিছে। উক্ত স্থলৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰাচীনতম মঠ–মন্দিৰকে ধৰি বিভিন্ন সামগ্ৰী উপস্থাপন কৰিছে।আনহাতে, ৰাম সেতু, বেদৰ জ্ঞানকে ধৰি প্ৰাচীন কালত ব্যৱহৃত সামগ্ৰী দেখুওৱা হৈছে এই প্ৰদৰ্শনীত।ইফালে অখণ্ড ভাৰতৰ এই প্ৰদৰ্শনী থকা স্থলসমূহৰ জৰিয়তে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিব। নলবাৰী হৰিমন্দিৰৰ এই বিশেষ স্থলে দৃষ্টি কাঢ়িছে সকলৰে।

বিশেষ বাৰ্তা, নলবাৰী, ১১ নৱেম্বৰ

You might also like