নগৰবেৰাত ভয়ংকৰ বাইক দুৰ্ঘটনা, ছাত্ৰসহ আহত ৩
ছাত্ৰনেতা প্ৰাঞ্জল কলিতা আৰু মন্দিৰা আৰক্ষীৰ তৎপৰতাত আহত তিনিওকে বকোলৈ লৈ যোৱা হয়
কামৰূপৰ হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আজি আবেলি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ দুই ছাত্ৰ মজিনুৰ ইছলাম আৰু চানিদুল ইছলাম৷
আনহাতে দুৰ্ঘটনাত আহত আনজন বাইক আৰোহী হৈছে আব্দুল অহাব আনচাৰী৷ তিনিওকে ততাতৈয়াকৈ স্থানীয় হেকৰা ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱাত বকোলৈ প্ৰেৰণ কৰে৷
অৱশেষত স্থানীয় ছাত্ৰনেতা প্ৰাঞ্জল কলিতা আৰু মন্দিৰা আৰক্ষীৰ তৎপৰতাত আহত তিনিওকে বকোলৈ লৈ যোৱা হয়৷ দুই বাইক আৰোহী ছাত্ৰই তীব্ৰবেগত অহা বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা উল্লেখ স্থানীয় লোকৰ৷
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১১ নৱেম্বৰ