নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ উইকেটত জয়লাভ ছানৰাইজার্ছৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ মনীষ পাণ্ডে আৰু বিজয় শংকৰ উভয়ৰে অপৰাজিত অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে সহজ জয়েৰে চলিত আই পি এলত সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ ডুবাইত অনুষ্ঠিত মেচখনত ছানৰাইজার্ছে ৰাজস্থান ৰয়েলছক আঠ উইকেটত পৰাস্ত কৰে৷ মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৫৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও মনীষ পাণ্ডেৰ অপৰাজিত ৮৩ আৰু বিজয় শংকৰৰ অপৰাজিত ৫২ ৰানৰ সহায়ত ছানৰাইজার্ছে ১৮.১ অভাৰত দুটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ মনীষৰ ৪৭টা বলৰ ইনিংছটোত আছিল চাৰিটা চাৰি আৰু আঠটা ছয়৷

ইফালে, বিজয়ৰ ৫১টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি৷ মনীষ আৰু বিজয়ে তৃতীয় উইকেটৰ যুটিত অপৰাজিতভাৱে ১৪০ ৰান সংগ্রহ কৰে৷ অধিনায়ক ৱার্নাৰে ৪ আৰু বেয়াৰষ্ট’ৱে ১০ ৰান কৰে৷ইয়াৰ পূর্বে ছানৰাইজার্ছ হায়দৰাবাদৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্রহ কৰে৷ ৰবীন উথাপ্পা আৰু বেন ষ্ট’কছে দলৰ হৈ ইনিংছ মুকলি কৰে যদিও দলীয় স্ক’ৰ ৩০ ৰানত উথাপ্পা ব্যক্তিগত ১৯ ৰানত পেভিলিয়নমুখী হয়৷

ইপিনে, ষ্ট’কছে সঞ্জু ছেমছনৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰে যদিও দুয়োৰে মাজত ৫৬ ৰান সংগ্রহ হোৱাৰ সময়তে ছেমছনে বিদায় লয়৷ ছেমছনে ৩৬ ৰান কৰে৷ ইফালে, ছেমছন আউট হোৱাৰ ক্ষন্তেক পিছতে বেন ষ্ট’কছেও ব্যক্তিগত ৩০ ৰানত পেভিলিয়নমুখী হয়৷ সেই সময়ত দলটোৰ দলীয় স্ক’ৰ আছিল তিনি উইকেটত ৮৬ ৰান৷ ছেমছন আৰু ষ্ট’কছ আউট হোৱাৰ পিছত দলটোৱে কম কম ৰানৰ অন্তৰালত উইকেট হেৰুৱাবলৈ ধৰে৷ বাটলাৰে ৯, অধিনায়ক স্মিথে ১৯ আৰু ৰিয়ান পৰাগে ১২টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ২০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ছানৰাইজার্ছৰ হৈ জেছন হল্ডাৰে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷

You might also like