নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় কাৰাটেত পদকপ্ৰাপ্ত তিতাবৰৰ তৃষ্ণা পায়েঙক বিপুল সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, তিতাবৰ, ৫ ডিচেম্বৰ : ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনা তৃষ্ণা পায়েঙক আজি গৃহভূমি বালিজান মিচিং গাঁৱত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সমাজকৰ্মী দিনাৰাম পায়েঙৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৱাৰ্ড সদস্য অঞ্জলি বৰা শইকীয়া, ৰঞ্জিত নৰহ, বালিজান কাৰাটে একাডেমীৰ সভাপতি দীপজ্যোতি দলে, সম্পাদক ৰংমন পায়েং, কাৰাটে প্ৰশিক্ষক দেৱজিৎ মিচিং, সাংবাদিক অজয় শইকীয়া আদি অতিথি হিচাপে উপস্থিত থাকি খেলুৱৈগৰাকীক শুভেচ্ছা-অভিনন্দন জ্ঞাপনেৰে উৎসাহিত কৰে। অনুষ্ঠানত স্থানীয় ভালেসংখ্যক শুভাকাংক্ষী লোক, একাডেমীৰ বিষয়ববীয়া আৰু খেলুৱৈসকলে পদকপ্ৰাপ্ত তৃষ্ণা পায়েঙক জাপি, ফুলাম গামোচা, ফুলৰ থোপা, পৰম্পৰাগত বস্ত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে দিল্লীৰ তালকোটৰা ইন্দোৰ ষ্টেডিয়ামত ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃমণ্ডল কাৰাটে প্ৰতিযোগিতাত ৫০ কেজি কুমিটে শাখাত তৃষ্ণা পায়েঙে অসম দলৰ হৈ অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। তিতাবৰৰ সীমান্তৱৰ্তী বালিজান মিছিং গাঁৱৰ নিবাসী ৰংমন পায়েং আৰু অঞ্জনা পায়েঙৰ কন্যা তৃষ্ণা পায়েঙৰ সাফল্যত সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। আগন্তুক দিনত তৃষ্ণাই আৰু অধিক ভাল খেল প্ৰদৰ্শন কৰি ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি ক্ৰীড়াপ্ৰেমী ৰাইজে আশা প্ৰকাশ কৰিছে।

You might also like