নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ৰ উল্লেখনীয় সাফল্য, বজাৰত উপলব্ধ হ’ব কাজিনেমুৰ ৰস

বিশেষ বাৰ্তা, যোৰহাট, ৫ ডিচেম্বৰ : অসমৰ জাতীয় ফলৰূপে স্বীকৃতি লাভ কৰা কাজিনেমুৰ ওপৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা “কাজিনেমুৰ ৰস সংৰক্ষণ কৰিব পৰা প্রযুক্তি কৌশল”ৰ বাণিজ্যিক উৎপাদনৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত “ট্ৰিনিটি ফ্ৰুক্টা প্ৰা: লিমিটেড” (trinity fructa Pvt Ltd)ৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি গৱেষণা সঞ্চালক ড0 সঞ্জয় কুমাৰ চেতিয়া আৰু ট্ৰিনিটি ফ্ৰুক্টা প্ৰা: লিমিটেডৰ হৈ ড: কে এন সিঙে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াই চুক্তি স্বাক্ষৰ কৰি কয় যে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বিভিন্ন প্ৰযুক্তি কৌশলৰ বাণিজ্যিকীকৰণৰ দিশে আগুৱাই নিয়াৰ বাবে উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাৰ নেতৃত্বত গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে বাণিজ্যিক ক্ষেত্রতো সম্ভাৱনাৰ পথ দেখুৱাবলৈ আগবাঢ়িছে। উদ্ভাৱিত প্ৰযুক্তি কৌশলৰ জৰিয়তে কৃষক যাতে বাণিজ্যিকীকৰণৰ প্ৰক্ৰিয়াটোৰ অংশীদাৰ হৈ আগবাঢ়িব পাৰে তাৰ বাবেও অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰিছে।

ট্ৰিনিটি ফ্ৰুক্টা প্ৰা: লিমিটেডৰ হৈ ড: কে এন সিঙে স্বকীয় গুণমানবিশিষ্ট কাজিনেমুৰ ৰসৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে গ্ৰাহকক নতুন ধৰণৰ পানীয়ৰ সোৱাদ দিবলৈ সফল হ’ব বুলি আশা ব্যক্ত কৰে। বিশ্ববিদ্যালয়ৰ পূৰ্বৰ সহকাৰী অধ্যাপিকা তথা গৱেষক বিজ্ঞানী ড: মানসী দাস পুৰকায়স্থৰ নেতৃত্বত আৰু গৱেষক ছাত্ৰী জ্যোতিস্মিতা কোঁৱৰৰ দলে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে এই বুজাবুজি চুক্তিৰ পাছত অসমৰ কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত, বিশেষকৈ কৃষক উপকৃত হোৱাৰ উপৰি নিশ্চয়তা থকা ঔদ্যোগিক সম্ভাৱনীয়তাও সৃষ্টি হ’ব। বিশেষকৈ কোনোধৰণৰ ৰাসায়নিক সংৰক্ষণকাৰী দ্রব্য (ফুড প্রিজাৰভেটিভ) মিহলি নকৰাকৈ খাদ্যৰ গুণাগুণ একে অৱস্থাত ৰাখি প্রাকৃতিকভাৱেই ২ বছৰলৈকে ব্যৱহাৰ কৰিব পৰাকৈ এই প্রযুক্তি কৌশল উদ্ভাৱন কৰা হৈছে।

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সচৰাচৰ কাজি নেমু নামেৰে জনাজাত অসমৰ নেমু উত্তৰ-পূব ভাৰতৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন টেঙা তথা জাতীয় ফল অনন্য সোৱাদ আৰু নিজৰ সুগন্ধিৰে ভৰপূৰ। স্বকীয় বৈশিষ্ট্য আৰু গুণগত মানৰ বাবে লণ্ডন আৰু ডুবাইৰ দৰে প্রতিষ্ঠিত স্থানলৈও ইয়াৰ ৰপ্তানি সম্ভৱ হৈ উঠিছে। প্ৰচুৰ পৰিমাণৰ ভিটামিন চি (১০/৭০ মিলিগ্রাম/১০০ মিলিলিটাৰ) আৰু এন্টি অক্সিডেন্টৰ সৈতে পুষ্টি শক্তিসমৃদ্ধ কাজিনেমুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, ছালৰ স্বাস্থ্য বজাই ৰখা আৰু সামগ্রিক সুস্থতা বৃদ্ধিৰ বাবে অতি লাগতিয়াল উপাদান। কিন্তু সঠিক মাত্রাত বজাৰ আৰু সংৰক্ষণৰ অভাৱত ইয়াৰ উৎপাদনৰ প্রায় এক চতুর্থাংশ নষ্ট হয়।

ইফালে, উৎপাদিত সামগ্ৰীৰ অধিকাংশ সতেজ ফল হিচাপে বিক্রী আৰু ব্যৱহাৰ হোৱাৰ বাদে ইয়াক দীঘলীয়া সময়ৰ বাবে ৰখাৰ কোনো উপায় নাথাকে। সেয়েহে এই প্রযুক্তি কৌশলৰ জৰিয়তে কাজিনেমুৰ ৰস তিতা নোহোৱাকৈ ৰাখি শীতল পানীয়ৰ দৰে ব্যৱহাৰ কৰিব পৰা যাব। আজিৰ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়া, জ্যেষ্ঠ অধ্যাপক ডঃ অনন্ত শইকীয়া, ডঃ গাৰ্গী শৰ্মা, ড: মলয়া গগৈ আৰু ড: মানসী দাস পুৰকায়স্থ উপস্থিত থাকে।

You might also like