নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব শিক্ষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ‘উত্তৰ-পূব শিক্ষা সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয়।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ জৰিয়তে ভাৰত অধিক শক্তিশালী হ’ব, শিক্ষাৰ্থীসকলক বিকাশৰ সুযোগ প্ৰদান কৰিব। ই ছাত্ৰ সমাজৰ মাজত সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক চিন্তাধাৰা গঢ়ি তোলাৰ লগতে এই নীতিৰ কাৰ্যকৰীকৰণৰ দ্বাৰা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন নতুন আৰু শক্তিশালী ভাৰতৰ সপোন বাস্তৱায়িত হ’ব।

এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীত্ৰয় ক্ৰমে ডা: ৰণোজ পেগু, ইউ জি ব্ৰহ্ম,  সঞ্জয় কিষাণ, উত্তৰ প্ৰদেশৰ চি চি এছ বিশ্ববিদ্যালয়ৰ  উপাচাৰ্য অধ্যাপক নৰেন্দ্ৰ কুমাৰ তানেজা, ইউ জি চিৰ  অধ্যক্ষ অধ্যাপক ডি পি সিং, উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকল, অসম চৰকাৰৰ  শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তৰ লগতে অংশীদাৰ, শিক্ষাবিদসকল উপস্থিত আছিল।

You might also like