নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বায়ু মান এতিয়াও অতি ভয়াৱহ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: দেশৰ ৰাজধানী দিল্লীৰ বায়ু প্রদূষণ অতি ভয়াৱহ হৈয়ে আছে৷ বিগত ছদিন ধৰি ৰাজধানী চহৰখনৰ বায়ুৰ মান ভয়াৱহ হৈ আছে৷ ‘ছিষ্টেম অৱ এয়াৰ কোৱালিটী আৰু ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিছার্চ’ চমুকৈ ছফৰৰ মতে দিল্লীৰ বায়ুৰ মান অতি ভয়াৱহ কেটেগৰীতে আছে৷

বৃহস্পতিবাৰৰ তুলনাত আজি একিউআই সামান্য নিম্নগামী হ’লেও ই ভয়াৱহ ৰূপতে আছে৷ আজি ৰাজধানী চহৰখনৰ একিউআই (এয়াৰ কোৱালিটী ইনডেস্ক’) ৩৩২৷ অর্থাৎ একিউআই–২৯২লৈকে অতি ভয়াৱহ কেটেগ’ৰীতে থাকে৷ লক্ষণীয় যে একিউআই হৈছে পিএম–২.৫ আৰু পিএম–১০ৰ গাঢ়তাৰ আধাৰত নির্ধাৰিত৷ দীপাৱলীৰ পিছতেই ৰাজধানী চহৰখনৰ বায়ুৰ মান অতি ভয়াৱহ ৰূপত চলি আহিছে৷

দীপাৱলীৰ আতচবাজীৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য পঞ্জাব–হাৰিয়ানা আদিত কৃষকে শস্যৰ বর্জিত দাহন কৰাৰ বাবেই ধোঁৱাময় পৰিৱেশ দিল্লীত সৃষ্টি হয়৷ এই সময়ছোৱাত দিল্লীৰ বায়ুৰ মান ইমানেই ভয়াৱহ হয় যে বাসিন্দাসকলে বাহিৰলৈ ওলাই আহিবলৈ শংকা ব্যক্ত কৰে৷ দিল্লীৰ প্রদূষণৰ মাত্রা অধিক হোৱাৰ ফলত উচ্চতম ন্যায়ালয়ে দুদিনীয়া লকডাউনৰ পৰামর্শ আগবঢ়াইছিল৷

দিল্লীৰ চৰকাৰে এই সন্দর্ভত পদক্ষেপ গ্রহণ কৰি সপ্তাহজোৰা শৈক্ষিক প্রতিষ্ঠান, নির্মাণকার্য বন্ধ ৰখাৰ লগতে চৰকাৰী কর্মচাৰীসকলক গৃহতে থাকি কাম কৰাৰ সুবিধা দিয়ে৷ ইয়াৰ পিছতো ৰাজধানী চহৰৰ বায়ুৰ মান তুলনামূলক ভিত্তিত অতি ভয়াৱহ হৈয়ে আছে৷ পৰৱর্তী দিনত যান–বাহনৰ চলাচল হ্রাস পোৱাৰ সম্ভাৱনাৰ বাবেই বায়ুৰ মান কিছু উন্নত হ’ব পাৰে বুলি বিশেষজ্ঞই মত ব্যক্ত কৰিছে৷

You might also like